আজি ২৯ অক্টোবৰ

▶️১৭৪০ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ সাহিত্যিক,জীৱনীকাৰ জেমছ বছৱেলৰ জন্ম হৈছিল।
▶️১৭৮৬ চনৰ আজিৰ দিনটোতেই খ্যাতনামা ফৰাচী সাহিত্যিক আৰু দাৰ্শনিক জেঁ লে ৰোনাল্ডৰ মৃত্যু হৈছিল।
▶️১৭৯৫ চনৰ এই দিনটোতেই ইংৰাজ কবি জন কীটছৰ জন্ম হৈছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই হিটলাৰৰ অধিনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোচেফ গোৰেবলছৰ জাৰ্মানীত জন্ম হৈছিল। মিছাক বাৰম্বাৰ সঁচা বুলি প্ৰচাৰ কৰাৰ এক কুখ্যাত কৌশলৰ উদ্ভাৱক ৰূপে গোৰেবলছৰ নাম ইতিহাসত বিখ্যাত।
▶️১৯১৭ চনৰ এই দিনটোতেই নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ এই দিনটোতেই প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী বাৰুজ বেনাকেৰৰাফৰ জন্ম হৈছিল। ১৯৮০ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই তুৰস্ক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষিত।ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰ।
▶️১৯৩৩ চনৰ এই দিনটোতেই ফৰাচী বিজ্ঞানী এলবাৰ্ট কামেটৰ মৃত্যু হৈছিল। ১৯০৮ চনত আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি(BCG)।
▶️১৯৫৮ চনৰ এই দিনটোতেই কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ৭৭ বছৰীয়া মহাকাশচাৰী জন গ্লেনৰ মহাকাশ যাত্ৰা।
▶️২০০২ চনৰ এই দিনটোতেই দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.