নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ভাষাতত্ব বিষয়ত পি এইচ ডি’ ডিগ্ৰী লাভ নগাঁৱৰ ফৌজদাৰীপট্টি নিবাসী মাদ্ৰী কাকতিৰ। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত মাদ্ৰী কাকতিৰ গবেষণাৰ বিষয় আছিল ‘Linguistic and Cognitive Profiling of Alzheimer’s Disease’ ।নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মাদ্ৰীয়ে নতুন দিল্লীৰ আই পি কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইন্টাৰনেছনেল ৰিলেশ্বন আৰু ভাষাতত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সন্মানজনক ফুল ব্ৰাইট ফেল’শ্বিপ লাভ কৰি মাদ্ৰী কাকতিয়ে নিউয়ৰ্ক বিশ্ববিদ্যালয়ত পাঠদান কৰে। বিভিন্ন দেশৰ জাৰ্নাল ইত্যাদিত প্ৰৱন্ধ আদি প্ৰকাশৰ উপৰিও বিভিন্ন বক্তৃতা আৰু গৱেষণাৰে ভাষা আৰু ভাষাতত্বৰ তাত্বিক অধ্যয়নত ব্ৰতী হৈ থকা মাদ্ৰী কাকতিৰ এই গৱেষণা পত্ৰই ক্ৰমবৰ্ধমান আলজাইমাৰ ব্যাধি আৰু ৰোগী সকলৰ ভাষাৰ পৰিবৰ্তনৰ চিনাক্ত কৰণ পদ্ধতিৰ বিকাশ ভাষা আৰু চিকিৎসা বিজ্ঞানত সহায়ক হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মাদ্ৰী কাকতি ফুল ব্ৰাইট ফেল’শ্বিপ নিৰ্বাচক মণ্ডলীৰো এগৰাকী সদস্য। হাস্য আৰু ব্যংগৰ মাধ্যমেৰে ইউটিউবৰ Neighborhood English Teacher শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে সামাজিক মাধ্যমত ইংৰাজী শিক্ষাৰ পাঠ দান মাদ্ৰী কাকতিৰ এটা জনপ্ৰিয় অনুষ্ঠান। মাদ্ৰী কাকতি গল্পকাৰ শিৱানন্দ কাকতি আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিৰ কন্যা আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ বায়’ কেমিষ্ট্ৰী বিভাগৰ অধ্যাপক ড°আশুতোশ সিঙৰ পত্নী।।

You might also like
Leave A Reply

Your email address will not be published.