▶️১৫৭৩ চনৰ আজিৰ দিনটোতেই সম্ৰাট আকবৰৰ গুজৰাট দখল।
▶️১৬৭৫ চনৰ আজিৰ দিনটোতেই খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই হো-চি-মিনৰ দ্বাৰা ভিয়েটনামৰ স্বাধীনতাৰ ঘোষণা-পত্ৰ প্ৰকাশ।
▶️১৯৪৫ চনৰ এই দিনটোতেই জাপানৰ শান্তিৰ প্ৰস্তাৱ আৰু বিনাচৰ্তে আত্মসমৰ্পণ পত্ৰত স্বাক্ষৰ দান।ইয়াৰ পিছতেই দ্বিতীয় মহাসমৰৰ সামৰণি।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই বৃটিছ চৰকাৰৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি পৰ্বৰ অংশৰূপে জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ অন্তৱৰ্তীকালীন জাতীয় চৰকাৰ প্ৰতিষ্ঠা।এই চৰকাৰৰ মন্ত্ৰী পৰিষদত আছিল লিয়াকৎ আলী খাঁ,ৰাজেন্দ্ৰ প্ৰসাদ, বাবু জগজীৱন ৰাম প্ৰমুখ্যে জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই কন্যাকুমাৰীত তদানীন্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ দ্বাৰা প্ৰসিদ্ধ বিবেকানন্দ স্মৃতি স্তম্ভৰ উদ্ঘাটন।
▶️১৯৭৬ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী মাৰাঠী সাহিত্যিক ভি এছ খাণ্ডেকৰৰ মৃত্যু ঘটিছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই পৃথিৱীৰ দ্ৰুতবেগী ৰে’লসেৱা TGVৰ প্ৰচলন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই চীনৰ দক্ষিণ-পশ্চিম প্ৰান্তত ৫.৯ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত বিস্তৰ ক্ষতিসাধন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট নাট্যকাৰ ভবেন বৰুৱাৰ ৬১ বছৰ বয়সত মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২ ছেপ্টেম্বৰ
Prev Post
You might also like