পুনৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ভাৰতবাসী

সফলতাৰে উৎক্ষেপণ কৰা হ'ল আদিত্য-L1 অৰ্বিটাৰ কঢ়িয়াই অনা PSLV C57 ৰকেট

নেচনেল ডেস্ক:

পুনৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ভাৰতবাসী। সফলতাৰে উৎক্ষেপণ কৰা হ’ল আদিত্য-L1 অৰ্বিটাৰ কঢ়িয়াই অনা PSLV C57 ৰকেট। আজি পুৱা ১১.৫০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ল আদিত্য-L1। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ ঐতিহাসিক চন্দ্ৰ অভিযানৰ প্ৰায় এক সপ্তাহ পিছতে সূৰ্যমুখী হ’ল ভাৰত। সংস্থাটোৰ মতে, চাৰি মাহৰ ভিতৰত আদিত্য-L1 অভিযানে পৰ্যবেক্ষণ বিন্দুত উপনীত হোৱাৰ সম্ভাৱনা আছে।

ইয়াক সূৰ্য্যৰ দিশত পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা লেগ্ৰেঞ্জিয়ান পইণ্ট 1 (বা L1)ৰ চাৰিওফালে এটা কক্ষপথত স্থাপন কৰা হ’ব। ই সূৰ্য্যৰ বিশদ অধ্যয়ন কৰিবলৈ সাতটা ভিন্ন পেলোড কঢ়িয়াই নিব। ইয়াৰে চাৰিটাত সূৰ্য্যৰ পৰা অহা পোহৰ পৰ্যবেক্ষণ কৰা হ’ব আৰু বাকী তিনিটাত প্লাজমা আৰু চুম্বকীয় ক্ষেত্ৰৰ ইন-চিটু পেৰামিটাৰ জুখিব। আদিত্য-L1ৰ আটাইতকৈ ডাঙৰ আৰু কাৰিকৰীভাৱে আটাইতকৈ প্ৰত্যাহ্বানজনক পেলোড হৈছে ভিজিবল ইমিছন লাইন ক’ৰ’নাগ্ৰাফ বা VELCৰ ইছৰ’ৰ সৈতে সহযোগিতা। এই কৌশলগত স্থানে আদিত্য-L1ক গ্ৰহণৰ দ্বাৰা বাধা নোহোৱাকৈ সূৰ্য্যক অবিৰতভাৱে পৰ্যবেক্ষণ কৰিবলৈ সক্ষম কৰিব, যাৰ ফলত বিজ্ঞানীসকলে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বাতাবৰণত ইয়াৰ প্ৰভাৱৰ বিষয়ে বাস্তৱ সন্মত অধ্যয়ন কৰিব পাৰিব। লগতে মহাকাশযানখনৰ তথ্যই সৌৰ বিস্ফোৰণৰ পৰিঘটনাৰ সূচনা কৰা প্ৰক্ৰিয়াৰ ক্ৰম চিনাক্ত কৰাত সহায় কৰিব বুলি আশা কৰিছে বিজ্ঞানী মহলে।।

You might also like
Leave A Reply

Your email address will not be published.