আজি ৩ আগষ্ট

▶️আজি বিশ্ব বন্ধুত্ব দিৱস।
▶️১৩৪৭ চনৰ আজিৰ দিনটোতেই আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা।
▶️১৮৮৫ চনৰ এই দিনটোতেই উমেশ চন্দ্ৰ বন্দোপাধ্যায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন আৰম্ভ।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীৰ যুদ্ধ ঘোষণা।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই নাইজাৰৰ স্বাধীনতা লাভ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই এংগোলা,মোজাম্বিক আৰু গিনি বিচাওৰ স্বাধীনতা লাভ।
▶️১৮৮৬ চনৰ আজিৰ দিনটোতেই হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই গাইসালৰ ৰে’ল দুৰ্ঘটনাত নৈতিক দায়িত্ব মানি লৈ তদানীন্তন ৰে’লমন্ত্ৰী নীতিশ কুমাৰে দাখিল কৰা পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰীৰ প্ৰত্যাখ্যান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ‘নৰ্মদা বচাও’ আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ৰ অংশগ্ৰহণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কানাডাৰ এডমন্টনত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ আৰম্ভ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন হৈ বিস্তৰ ক্ষতিসাধন।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ দেহাৱসান।।

 

You might also like
Leave A Reply

Your email address will not be published.