আজি ৪ ছেপ্টেম্বৰ

▶️১৮২৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক দাদাভাই নৌৰজীৰ জন্ম হৈছিল। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেঁৱেই প্ৰথমবাৰৰ বাবে ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰিছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই আমেৰিকাত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বিজুলীবাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল হৈছিল হেনৰী ফলি নাইট।
▶️২০০২ চনৰ আজিৰ দিনটোতেই অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ডঃ গোলোকচন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ ইন্দিৰা মিৰিৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.