পাকিস্তানত ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা

হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু ৩ জন নৌসেনাৰ জোৱানৰ

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানত ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা। পাকিস্তানৰ বেলুচিস্তানত হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু ৩ জন নৌসেনাৰ জোৱানৰ।

বেলুচিস্তানৰ বন্দৰ চহৰ গোৱাডাৰত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰণত যোৱা বিমানখনৰ কাৰিকৰী সমস্যাৰ সৃষ্টি হোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হয় দুজন বিষয়াসহ মুঠ তিনিজন নৌসেনাৰ বিষয়াৰ। দুৰ্ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত । দেশখনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কাকাৰে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.