আজি ৫ ছেপ্টেম্বৰ

▶️আজি শিক্ষক দিৱস
▶️১৬১২ চনৰ আজিৰ দিনটোতেই চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নৌ-সেনা গঠন।
▶️১৮২৭ চনৰ আজিৰ দিনটোতেই বিজ্ঞানী ছাৰ যোছেফ লিষ্টাৰৰ জন্ম হৈছিল।
▶️১৮৭৪ চনৰ এই দিনটোতেই কবি আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। ১৯৬২ চনৰ এই দিনটোতেই ৰাধাকৃষ্ণণৰ জন্মদিনটো ‘শিক্ষক দিৱস’ ৰূপে পালনৰ সিদ্ধান্ত।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ পূৰ্ণাংগ সংসদ ছুপ্ৰিম ছোভিয়েটৰ পুনৰ্গঠন।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছাৰ দেহাৱসান।
▶️২০০০ চনৰ আজিৰ দিনটোতেই এক বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হৈছিল অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘লয়াৰ্ছ বুক ষ্টল’।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই পশ্চিম জাপানত ৰিখটাৰ স্কেলত ৬.৯ আৰু ৭.৯ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি।
▶️২০০৫ চনৰ এই দিনটোতেই প্ৰথিতযশা মালায়ালম ছবি নিৰ্মাতা আদুৰ গোপালকৃষ্ণনক ২০০৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচন।।

You might also like
Leave A Reply

Your email address will not be published.