১৫৬৬ চনৰ এই দিনটোতেই ফৰাছী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্ট্ৰাডামাছৰ মৃত্যু হৈছিল।
১৫৫৭ চনৰ আজিৰ দিনটোতেই মহম্মদ বেগৰ ছুৰিকাঘাটত বংগৰ নবাব ছিৰাজোদ্দৌল্লাৰ মৃত্যু হৈছিল।
১৭৭৮ চনৰ আজিৰ দিনটোতেই দাৰ্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ (সম্পূৰ্ণ নাম জীন জেকুইছ ৰুছো) ফ্ৰান্সত মৃত্যু হৈছিল।
১৮৪৩ চনৰ এই দিনটোতেই হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰক ছেমুৱেল হেনিমেনৰ মৃত্যু হৈছিল।
১৮৭৭ চনৰ এই দিনটোতেই জাৰ্মান কবি,ঔপন্যাসিক হেৰমান হেছৰ জন্ম হৈছিল। ভাৰতীয় দৰ্শন আৰু চীনা সভ্যতাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হেছে গৌতম বুদ্ধৰ জীৱন কাহিনীৰ আধাৰত ‘সিদ্ধাৰ্থ’ নামৰ এখন এখন উপন্যাস ৰচনা কৰে আৰু উপন্যাসখনে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে।মূলতঃ ‘সিদ্ধাৰ্থ’ৰ বাবেই হেছে লাভ কৰে ১৯৪৬ চনৰ সাহিত্যৰ নোবেল বঁটা।
১৯০৪ চনৰ এই দিনটোতেই ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আন্টন চেখভৰ মৃত্যু।
১৯৬১ চনৰ এই দিনটোতেই মাৰ্কিন গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ আত্মহত্যা।
১৯৭২ চনৰ এই দিনটোতেই পাকিস্তান আৰু ভাৰতৰ মাজত ঐতিহাসিক ছিমলা চুক্তি স্বাক্ষৰিত।
১৯৮৩ চনৰ এই দিনটোতেই সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ভাৰতৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ প্ৰথমটো গোট চেন্নাইৰ ওচৰৰ কালপাক্কমত প্ৰতিষ্ঠা।
১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ উপন্যাস ‘দা মেৰিঅ”ৰ লেখক পুজৰ ৭৮ বছৰ বয়সত মৃত্যু।
২০০২ চনৰ আজিৰ দিনটোতেই অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জীৱকান্ত গগৈৰ মৃত্যু।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২ জুলাই
You might also like