চলন্ত বাছত অগ্নিদগ্ধ হৈ ২৫ যাত্ৰীৰ কৰুণ মৃত্যু!

চলন্ত বাছত জুই লাগি কৰুণ মৃত্যু ২৫ গৰাকীকৈ যাত্ৰীৰ

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ বুলধানাত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি কৰুণ মৃত্যু ২৫ গৰাকীকৈ যাত্ৰীৰ। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত বাছখনত আছিল ৩৩ গৰাকীকৈ যাত্ৰী। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেত খুন্দা মৰাৰ ফলত বাছখনৰ টায়াৰ বিস্ফোৰিত হোৱাত অগ্নিসংযোগ ঘটে বাছখনত। যাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হয় ২৫ গৰাকীকৈ লোক। নিহত সকলৰ মাজত আছে ৩ টিকৈ শিশু। নিহত অধিকাংশ যাত্ৰীয়েই নাগপুৰ, ৱাৰ্ধা আৰু যামতমলৰ বাসিন্দা। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাছখনৰ আন ৮ গৰাকী যাত্ৰী। আহতসকলক বুলধানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে উপস্থিত হৈ পৰ্যবেক্ষণ কৰে সমগ্ৰ ঘটনা। নিহত সকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে ৫ লাখকৈ টকা সাহাৰ্য্য প্ৰদানৰ লগতে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ পৰা অতিৰিক্ত ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.