আজিৰ পৰা আৰম্ভ ২০২৩ বৰ্ষৰ অমৰনাথ যাত্ৰা!

দেশ- বিদেশৰ শত-সহস্ৰ ভক্তই আজিৰ পৰা আৰম্ভ কৰিব অমৰনাথ যাত্ৰা

নেচনেল ডেক্স :

জিৰ পৰা আৰম্ভ হ’ল ৬২ দিনীয়া অমৰনাথ যাত্ৰা। ৩১ আগষ্টত সমাপ্ত হ’ব অমৰনাথ যাত্ৰাৰ । কাশ্মীৰ শাখাৰ আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে জনোৱা মতে খুব সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে যাত্ৰী সকলৰ বাবে । আৱৰ্জনা নিষ্কাশনৰ বাবে সকলো শিবিৰত বিশেষ ব্যৱস্থা কৰা হৈছে।লগতে  প্ৰতিটো পথতে চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে ।এইবেলি যাত্ৰীৰ শিবিৰসমূহ বৃদ্ধি কৰা হৈছে, যাতে বিভিন্ন স্থানত ৭৫ হাজাৰতকৈও অধিক তীৰ্থযাত্ৰীক থকাৰ সুবিধা দিব পাৰে । তেওঁ লগতে কয় যে প্ৰশাসনে আনুমানিক ৮-৯ লাখ তীৰ্থযাত্ৰীক আদৰাৰ বাবে সাজু হৈ আছে । যিহেতু পবিত্ৰ গুহাটো যথেষ্ট উচ্চতাত অৱস্থিত সেয়েহে লোকসকলক ভ্ৰমণ কৰাৰ পূৰ্বে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল’বলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংশ্লিষ্ট বিষয়াসকলক ৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ সমগ্ৰ পথটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে  লগতে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনৰ পৰা আধাৰ শিবিৰলৈ যোৱা পথটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে নিশা শ্ৰীনগৰ আৰু জম্মুৰ পৰা বিমান সেৱা পৰিচালনা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । ইফালে অক্সিজেন চিলিণ্ডাৰ আৰু সেইসমূহৰ ৰিফিলিঙৰ বাবে পৰ্যাপ্ত ষ্টক নিশ্চিত কৰাৰ লগতে চিকিৎসকৰ অতিৰিক্ত দলৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক বিশেষভাৱে নিৰ্দেশ দিয়া হৈছে। যিকোনো চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ এম্বুলেন্স আৰু হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে।

দেশ- বিদেশৰ শত-সহস্ৰ ভক্তই আজিৰ পৰা আৰম্ভ কৰিব অমৰনাথ যাত্ৰা।।

You might also like
Leave A Reply

Your email address will not be published.