পুনৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই

ডাইমণ্ড লীগৰ ল’জান লেগত শীৰ্ষস্থান দখল কৰে 'গোল্ডেন বয়' নীৰজ চোপ্ৰাই

স্প’ৰ্টছ ডেস্ক:

পুনৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই। এমাহৰ আঘাতৰ বাবে জিৰণীৰ পৰা উভতি আহি ডাইমণ্ড লীগৰ ল’জান লেগত শীৰ্ষস্থান দখল কৰে ‘গোল্ডেন বয়’ নীৰজ চোপ্ৰাই। এয়া তেওঁৰ এই সন্মানীয় ছিৰিজত ছিজনৰ দ্বিতীয়টো ক্ৰমাগত জয়। উল্লেখ্য যে, যোৱা মাহত প্ৰশিক্ষণৰ সময়ত পেশীৰ আঘাটৰ বাবে তিনিটাকৈ শীৰ্ষ ইভেণ্টত অংশগ্ৰহণ কৰিব পৰা নাছিল অলিম্পিক চেম্পিয়ন গৰাকীয়ে।

প্ৰতিযোগিতাখনত ফাউলৰ সৈতে আৰম্ভণি কৰা নিৰজে পিছত ৮৩.৫২ মিটাৰ আৰু ৮৫.০৪ মিটাৰ থ্ৰ’ কৰিছিল। চতুৰ্থ ৰাউণ্ডত তেওঁ আন এটা ফাউল কৰাৰ পিছত পৰৱৰ্তী সময়ত ৮৭.৬৬ মিটাৰ থ্ৰ’ কৰি প্ৰতিযোগিতাখনত শীৰ্ষ স্থান অৰ্জন কৰে। জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭.০৩ মিটাৰ বেষ্ট থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে চেক গণৰাজ্যৰ জাকুব ভাডলেইচে ৮৬.১৩ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান লাভ কৰে।

You might also like
Leave A Reply

Your email address will not be published.