আজি ২ ডিচেম্বৰ

????️আজি চুকাফা দিৱস
????️১৮০৪ চনৰ আজিৰ দিনটোতেই নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ একছত্ৰী অধিপতি ৰূপে পৰিগণিত হৈছিল
????️১৮৮১ চনৰ আজিৰ দিনটোত কাৰ্ল মাৰ্ক্সৰ পত্নী তথা আজীৱন সহযোদ্ধা জেনী মাৰ্ক্সৰ মৃত্যু হৈছিল
????️১৯১১ চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ ভাৰতত পদাৰ্পন ঘটিছিল। এই ঘটনাৰ স্মাৰক হিচাপে ১৯২৪ চনত বোম্বাইত নিৰ্মান কৰা হয় ‘গেটৱে অব ইণ্ডিয়া’। ইয়াৰ পিছত ১২ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত দিল্লী দৰবাৰত পঞ্চম জৰ্জক ভাৰতৰ সম্ৰাট ৰূপে ঘোষণা কৰা হয়
????️১৯৪২ চনৰ ২ ডিচেম্বৰত পণ্ডিচেৰীত শ্ৰীঅৰবিন্দ আশ্ৰম স্কুল প্ৰতিষ্ঠা হৈছিল। পিছলৈ ইয়েই শ্ৰীঅৰবিন্দ ইন্টাৰনেচনেল চেন্টাৰ অব এডুকেচন ৰূপে বিখ্যাত হৈ পৰে।
????️১৯৬৫ চনৰ ২ ডিচেম্বৰত ভাৰতত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force, সংক্ষেপে BSF) গঠন হৈছিল
????️১৯৮৮ চনৰ ২ ডিচেম্বৰত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে বেনজিৰ ভূট্টোৰ শপত গ্ৰহণ
????️১৯৮৯ চনৰ আজিৰ দিনটোত বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল। ১৯৯০ চনৰ ১০ নৱেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে
????️১৯৯১ চনৰ ২ ডিচেম্বৰত প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ মৃত্যু হৈছিল। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।।


-সংগৃহীত-

You might also like
Leave A Reply

Your email address will not be published.