ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জচীট দাখিল

ব্যুৰ’ ৰিপৰ্ট-

সামঞ্জস্যহীন সম্পত্তি তথা অবাধ দুৰ্নীতিৰ অভিযোগত আটকাধীন নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জচীট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। যোৱা ৫ অক্টোবৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে হেঙেৰাবাৰীৰ ঘৰৰ পৰা আটক কৰা নিলম্বিত DIG গৰাকীৰ বিৰুদ্ধে ৫৭ দিনৰ ভিতৰতে দাখিল কৰা হ’ল ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা। আজি দাখিল কৰা অভিযোগনামাত ধৃত নিলম্বিত DIG গৰাকীৰ পত্নী নছৰৎ ৰৌণক আলী হাজৰিকাৰ লগতে তেওঁৰ কণ্যাৰ বেংক একাউন্টৰে একাধিক লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ফৰিদ আলীৰ নামো উল্লেখ আছে।।

You might also like
Leave A Reply

Your email address will not be published.