আজি ৩০ এপ্ৰিল

▶️১০৩০ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ গজনীৰ শাসক চুলতান মামুদৰ মৃত্যু হৈছিল। ককায়েক মহম্মদক অন্ধ কৰি মামুদৰ পুত্ৰ মাছুদৰ সিংহাসন দখল। চুলতান মামুদে ১০০০-১০২৬ চনৰ ভিতৰত কেইবাবাৰো ভাৰত আক্ৰমণ কৰিছিল। মামুদৰ এই আক্ৰমণৰ ফলত ভাৰতৰ বহু স্থাপত্য শিল্প আৰু অন্যান্য শিল্পকলা বিধ্বস্ত হোৱাৰ লগতে ভাৰতৰ অৰ্থনীতিও বিপৰ্যস্ত হৈ পৰিছিল।
▶️১৫৮৮ চনৰ আজিৰ দিনটোতেই আমেৰিকাত প্ৰথম আধুনিক নাট্যাভিনয়ৰ সূচনা।প্ৰথম মঞ্চস্থ হোৱা নাটখন আছিল স্পেনিছ ভাষাৰ কমেডী ‘ৰিঅ’ গ্ৰাণ্ডে’।
▶️১৭৮৯ চনৰ এই দিনটোতেই আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে জৰ্জ ৱাশ্বিংটনৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৮৭০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ জন্ম হৈছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই বিহাৰৰ মুজাফৰপুৰৰ জিলা শাসক কিংছ ফোৰ্ডক হত্যাৰ উদ্দেশ্যে বংগৰ বিপ্লৱী ক্ষুদিৰাম আৰু প্ৰফুল্ল চাকিৰ বোমা নিক্ষেপ। কিন্তু এই বোমা বিস্ফোৰণত জিলা শাসকৰ পৰিৱৰ্তে দুগৰাকী ইংৰাজ মহিলা নিহত হয়।ক্ষুদিৰাম বসু ধৰা পৰে আৰু বিনা বিচাৰে সেই বছৰৰে ১১ আগষ্টত তেওঁৰ ফাঁচি হয়।ৰাজনৈতিক কাৰণত মৃত্যুদণ্ড দিয়া এইটোৱেই আছিল কুৰি শতিকাৰ ভাৰতৰ প্ৰথম ঘটনা।তদুপৰি ক্ষুদিৰাম বসুৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ কনিষ্ঠতম শ্বহীদ। বসুৰ সহযোগী প্ৰফুল্ল চাকিয়ে সেই বছৰৰে ১ মে’ত নিজৰ পিষ্টলেৰে আত্মহত্যা কৰিছিল।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই পৰ্টুগালত মহিলাৰ বাবে ভোটাধিকাৰ প্ৰৱৰ্তন।
▶️১৯৪৫ চনৰ এই দিনটোতেই পত্নী ইভা ব্ৰাউনক লৈ নিজ বাসগৃহৰ আণ্ডাৰগ্ৰাউণ্ড কোঠাত আডলফ হিটলাৰৰ আত্মহত্যা।আত্মহত্যাৰ আগদিনা ইভা ব্ৰাউনৰ সৈতে বিৱাহ হৈছিল হিটলাৰৰ।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰীয়কৃত শিল্পৰ ভিতৰত প্ৰথম ৰুৰকেল্লাত ইস্পাট প্ৰস্তুত।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ প্ৰসিদ্ধ ঘড়ীস্তম্ভ ‘বিগ বেন’ দুপৰীয়া ১২:১১ বজাৰ পৰা ৫৪ মিনিটৰ বাবে বন্ধ হৈছিল। ১৮৫৯ চনৰ ১৩ মে’ৰ পৰা ঘড়ীটো অনৰ্গল চলি আছে।
▶️২০০৪ চনৰ আজিৰ দিনটোৰ পৰাই ভাৰতৰ ৰে’লত ধূমপান নিষিদ্ধ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.