আজি ৩০ জুন

▶️আজি কংগোৰ জাতীয় দিৱস।

▶️১৮৫৫ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছৰ শাসন-শোষণৰ বিৰুদ্ধে ভাৰতত ঐতিহাসিক চাওতাল বিদ্ৰোহ আৰম্ভ। পুলিচৰ নিৰ্বিচাৰ গুলীচালনাত কেইবা হাজাৰো চাওতাল বিদ্ৰোহীৰ মৃত্যু।

▶️১৯১৭ চনৰ এই দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক দাদাভাই নৌৰজীৰ মৃত্যু।১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেঁৱেই প্ৰথমবাৰৰ বাবে স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিল।

▶️১৯২১ চনৰ আজিৰ দিনটোতেই চীনত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা।

▶️১৯২২ চনৰ এই দিনটোতেই জোনাকী যুগৰ প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ জন্ম হৈছিল।

▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ৰ প্ৰকাশ বন্ধ।

▶️১৯৬০ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ দেশ জাইৰেৰ স্বাধীনতা লাভ। পেট্ৰিক লুম্বা দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী।

▶️১৯৯১ চনৰ আজিৰ দিনটোতেই অসমত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰ গঠন। ১৯৯৬ চনৰ ২২ এপ্ৰিল পৰ্যন্ত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল।

▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই হংকং পুনৰ চীনৰ অংশ হৈছিল। ১৮৯৮ চনত চীনে হংকঙৰ প্ৰাদেশিক অঞ্চল ৯৯ বছৰৰ বাবে ব্ৰিটেইনক লীজত দিছিল।

▶️২০০০ চনৰ আজিৰ দিনটোতেই কবি নীলমণি ফুকনলৈ ভাৰতীয় ভাষা পৰিষদৰ বঁটা।

▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ ফুটবলৰ ফাইনেলত জাৰ্মানীক ২-০ গ’লত পৰাস্ত কৰি চেম্পিয়ন হৈছিল ব্ৰাজিল।।

 

 

 

You might also like
Leave A Reply

Your email address will not be published.