আজি ৩ মাৰ্চ

➡️বুলগেৰিয়াৰ স্বাধীনতা দিৱস।
➡️মৰক্কোৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৭০৭ মোগল সম্ৰাট ঔৰংগজেৱৰ মৃত্য়ু। তেওঁৰ পুত্ৰ মুৱজ্জমৰ প্ৰথম বাহাদুৰ শ্বাহ নামেৰে ৰাজপাটত আৰোহণ।
➡️১৮৩৯ ভাৰতৰ বিশিষ্ট উদ্য়োগপতি তথা ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ৰ প্ৰতিষ্ঠাপক জামছেদজী এন টাটাৰ জন্ম।
➡️১৮৪৭ স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী, টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ জন্ম।
➡️১৯০৮ বুলগেৰিয়াৰ স্বাধীনতা লাভ।
➡️১৯১৯ মাৰাঠী সাহিত্য়িক হৰি নাৰায়াৰণ আপ্তেৰ মৃত্য়ু।
➡️১৯৩৭ ঔপন্য়াসিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ জন্ম।
➡️১৯৯৩ মুখেৰে পলিঅ’ ঔষধ সেৱনৰ আৱিষ্কাৰক এলবাৰ্ট ছোবিনৰ মৃত্য়ু।
➡️১৯৯৫ অসমীয়া দৈনিক বাতৰিকাকত ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰকাশ। প্ৰচল সংখ্য়া এক লাখ অতিক্ৰম কৰা এইখনেই অসমৰ প্ৰথম আৰু একমাত্ৰ বাতৰিকাকত। কাকতখন একে সময়তে গুৱাহাটী,ডিব্ৰুগড়,লখিমপুৰ আৰু বঙাইগাঁৱৰ পৰা প্ৰকাশ হয়।
➡️১৯৯৭ মেহতা গৱেষণা প্ৰতিষ্ঠানৰ অশোক সেনক বৈজ্ঞানিক গৱেষণাৰ বাবে জি ডি বিৰলা বঁটা প্ৰদান।
➡️২০০১ বিশ্বজুৰি আফগানিস্তানত তালিবানৰ বুদ্ধ মূৰ্তি ধ্বংসৰ প্ৰতিবাদ-বিক্ষোভ।
➡️২০০২ অন্ধ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত লোকসভাৰ অধ্যক্ষ জি এম চি বালাযোগীৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.