আজি ২১ ফেব্ৰুৱাৰী

➡️আন্তৰ্জাতিক মাতৃভাষা দিৱস।

➡️১৪৩১ ফৰাচী দেশপ্ৰেমিক, জাতীয় বীৰাংগণা জোৱান অব্ আৰ্কক ডাইনী আখ্য়া দি ইংৰাজৰ বিচাৰ।
➡️১৬৭৭ সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ মৃত্য়ু।
➡️১৮০৪ ইংৰাজ যন্ত্ৰ ৰিচাৰ্ড ট্ৰেভিথিকে (Richard Trevithick) নিৰ্মাণ কৰা ভাপ চালিত ৰে’লৰ প্ৰথম যাত্ৰা। ট্ৰেভিথিকৰ এই ৰে’লকে আধুনিক ৰে’লগাড়ীৰ প্ৰথম নমুনা আখ্য়া দিয়া হৈছে।
➡️১৮৫২ ৰুছ সাহিত্য়িক, নাট্য়কাৰ নিকোলাই গগলৰ মৃত্য়ু।
➡️১৮৭৮ ইংলেণ্ডৰ নিউ হাভেনত বিশ্বৰ প্ৰথমখন টেলিফোন ডাইৰেক্টৰী প্ৰকাশ। এইখন ডাইৰেক্টৰীত ৫০ জন গ্ৰাহকৰ নাম সন্নিবিষ্ট কৰা হৈছিল।
➡️১৯১৬ ফ্ৰান্সৰ ভাৰ্দুনত প্ৰথম মহাসমৰৰ মাজতে মিত্ৰপক্ষ আৰু জাৰ্মানীৰ মাজত ভয়াৱহ যুদ্ধ। ১৬ ডিচেম্বৰলৈকে চলা এই যুদ্ধ ইতিহাসৰ আটাইতকৈ বেছি জনক্ষয়ী যুদ্ববোৰৰ এখন ৰূপে পৰিগণিত হৈছে। এই যুদ্ধত ৪,০০,০০০ মিত্ৰপক্ষৰ সৈন্য় আৰু ৩,৫০,০০০ জাৰ্মান সৈন্য়ৰ মৃত্য়ু হয়।
➡️১৯৪৮ ভাৰতৰ সংবিধানৰ খচৰা দাখিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলৱৎহয়। সেইদিনাৰ পৰা ভাৰতো এখন গণতন্ত্ৰ ৰূপে পৰিগণিত হয়।
➡️১৯৫৯ দিল্লীত প্ৰেছ ক্লাব অব্ ইণ্ডিয়া গঠন।
➡️১৯৭২ মাৰ্কিন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ চীন ভ্ৰমণ। চীনলৈ যোৱা নিক্সনেই হ’ল প্ৰথম মাৰ্কিন ৰাষ্ট্ৰপতি।
➡️২০০০ নিৰুপমা ফুকনলৈ অনুবাদ সাহিত্য়ৰ বাবে সাহিত্য় একাডেমী বঁটা ঘোষণা।
➡️২০০৫ জনপ্ৰীয় সংগীতজ্ঞ এ আৰ ৰহমানলৈ ২০০৫ চনৰ ‘লতা মংগেশকাৰ সন্মান’।
➡️গুৱাহাটীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য় মেলা আৰম্ভ।
➡️মূল্য় সংযোজিত কৰা বা ‘ভেট’ৰ প্ৰতিবাদত কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ভাৰত বন্ধ।

You might also like
Leave A Reply

Your email address will not be published.