কলাৰ প্ৰেমত পৰা এজন বিজ্ঞান অধ্যাপক

ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্ম বাৰ্ষিকী বিশেষ

লাৰ প্ৰেমত পৰা এজন বিজ্ঞান অধ্যাপক

০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্ম বাৰ্ষিকী বিশেষ

কলাৰ প্ৰেমত পৰা এজন বিজ্ঞানৰ অধ্যাপক আছিল তেওঁ। পদাৰ্থ বিজ্ঞানৰ ডক্টৰেটজনে অসমক দিছিল ৭টাকৈ ‘ৰজত কমল বঁটা’। আজি সেইজন কৃতবিদ্য অসমীয়াৰে জন্মদিন। আজি পদ্মশ্ৰী ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জন্মদিন। অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ তেওঁৰ আছে অসাধাৰণ অৱদান। কালজয়ী বহু নাটকৰ ৰচনাৰে অসমীয়া ভ্ৰাম্যমাণ জগতলৈও তেওঁ আগবঢ়াইছে অনন্য অৱদান।

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত জন্মগ্ৰহণ কৰিছিল ড০ ভবেন্দ্ৰ নাথ শইকীয়াই। আজি জানো আহক অসমীয়া সমাজ জীৱনলৈ অপূৰণীয় অৱদান আগবঢ়োৱা ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ বিষয়ে কিছু আমোদজনক কথা। চাৰিজন ভাই-ককাই থকা ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ঘৰত মতা নাম আছিল ‘পুতুল’।

প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰি নুৰুদ্দিন মোক্তাবৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি উত্তীৰ্ণ হৈছিল। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন’লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।

সাধাৰণতে গল্পকাৰ, পৰিচালক, নাট্যকাৰ ৰূপে পৰিচিত শইকীয়া এজন অভিনেতাও আছিল। শিইকীয়াই বসন্ত কুমাৰ শইকীয়াৰৰ ‘চোৰ’ নাটকখনত এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। কুমাৰ ভাস্কৰ নাট্যমন্দিৰত এই নাটকখন মঞ্চষ্ঠ হৈছিল।

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ একাধিক সাহিত্যিক ৰচনাতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। তেখেঁতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। সত্য প্ৰিয় পাথকৰ পাছতেই তেওঁ সকলোতকৈ বেছি ব্যৱহৃত ছদ্মনামটি আছিল- সদানন্দ পাঠক।

ইয়াৰোপৰি তেওঁ ৰজনী দত্ত, বিৰাজমোহন বৰুৱা, গোলোক মহন্ত, দিবাকৰ নেওগ, গৃহানন্দ স্বামী, বিচিত্ৰা দত্ত, অৰবিন্দ দত্ত, সুকুমাৰ দত্ত, মানবেন্দ্ৰ দাস, নি.কা.ব., পৰমানন্দ ৰাজগুৰু, এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি, কুসুম কুমাৰ বৰুৱা, সঞ্জয়, আদি ছদ্মনামেৰে বিভিন্ন সাহিত্য ৰচনা কৰিছিল।

ড০ ভবেন্দ্ৰ নাথ শইকীয়াই ‘সুনীতি ‘ ছদ্মনামেৰে তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা ‘বেউলা’ ছবিখনৰ সমালোচনাও লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেখেতে চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক আছিল।

শইকীয়াই পৰিচালনা কৰা ৮খন বোলছবিৰ ৭খন বোলছবিয়েই ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭৭চনত তেওঁ পৰিচালনা কৰা প্ৰথম বোলছবিখনেই ঐতিহ্যমণ্ডিত চলচ্চিত্ৰ মহোৎসৱ Cannes Film Festivalত প্ৰদৰ্শিত হয়। এই ছবিখন আছিল সন্ধ্যাৰাগ। একেদৰে তেওঁ ৰচনা কৰা অন্তিম বোলছবি ‘কালসন্ধ্যা’ও International Film Festival of Indiaত প্ৰদৰ্শিত হয়।

১৯৯০ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটাত লাভ কৰা ধনৰাখিৰে গুৱাহাটীৰ বশিষ্ঠপুৰত শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে ‘আৰোহণ’ নামেৰে সংস্থা স্থাপন কৰে। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্মৰ আঁৰতো ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত হৈ আছিল। কলাক্ষেত্ৰত থকা পুথিভঁৰালটো তেখেতৰ নামেৰে নামাংকিত কৰা হৈছে।

ড০ ভবেন্দ্ৰ নাথ শইকীয়া আছিল একেধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে। এইজন মহান অসমীয়াৰ ৯২তম জন্মবাৰ্ষিকীত তেওঁলৈ ne bharat24ৰ তৰফৰ পৰা জনালো একাজলী শ্ৰদ্ধাঞ্জলী।

You might also like
Leave A Reply

Your email address will not be published.