আপোনাৰ প্ৰিয় মাহ ফাগুন নেকি?

ঘৰতে কেনেদৰে ল'ব আপোনাৰ চুলিকোচাৰ যতন

নাৰীৰ সৌন্দৰ্যৰ সৈতে চুলিৰ সমন্ধে অতিজৰে পৰা সাহিত্যিকসকলৰ চৰ্চাৰ বিষয়-বস্তু হৈ আহিছে।নাৰীৰ সৌন্দৰ্য-চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। চুলি বেচিকৈ সৰা দেখিলে, সময়তকৈ আগতীয়াকৈ পকিবলৈ ধৰিলে কি মহিলা কি পুৰুষ উভয়েই সমানে চিন্তাগ্ৰস্ত হৈ পৰে। বৰ্তমান সময়ছোৱাত বহুলোক চুলিৰ বিভিন্ন সমস্যাত ভোগা দেখা যায় । ইয়াৰে ভিতৰত চুলি সৰা, উফি, চুলি ফটা আদিয়ে হৈছে এটা ডাঙৰ সমস্যা ।দেখিবলৈ পোৱা যায় যে ফাগুন মাহত প্ৰায় ভাগ লোকৰে চুলি সৰা সমস্যা, উফিৰ সমস্যাত ভোগে ।কিয়নো ফাগুনৰ শুকান পৰিৱেশৰ বাবে চুলি বা ছাল আদি অত্যন্ত শুকান হৈ পৰে গতিকে এই দিনকেইটাত চুলিৰ যতন লোৱাটো অতি গুৰুত্বপূৰ্ণ । ধূলি, বালি বাবে চুলিৰ গুৰি সোনকালে লেতেৰা হয়। সেয়েহে জানো আহক এইসমুহ সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ লাভ কৰিব।এনে ক্ষেত্ৰত আমি ঘৰতে কেইটামান সহজলভ্য প্ৰাকৃতিক উপাদানেৰে চুলিৰ যত্ন ল’ব পাৰো যেনে:

১)জেতুকাঃ জেতুকাৰ ব্যৱহাৰে চুলিত এটা ধুনীয়া ৰং দিয়াৰ উপৰিও চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে।জেতুকাই চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে।লগতে জেতুতাই চুলিৰ PH ভাৰসাম্য ৰক্ষা কৰে। জেতুকা পাত পিহি লগালে উফি, চুলি সৰা, অকালপক্কতা আদি সমস্যাবোৰত সুফল দিয়ে।জেতুকাৰ পাত ৰ’দত শুকুৱাই গুৰি কৰিও বটলত ভৰাই ৰাখি ব্যৱহাৰ কৰিব পাৰি। সমস্যা থকা চুলিৰ বাবে প্ৰয়োজনসাপেক্ষে এই জেতুকাৰ গুৰিৰ লগত আমলখি, কণী আদিও দিব পাৰি।

২)ছালকুঁৱৰী বা এল’ভেৰাঃ ছালকুঁৱৰী অতি উৎকৃষ্ট প্ৰাকৃতিক ঔষধি যিয়ে স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য্য বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলিৰ গুৰিৰ মৰা কোষ আঁতৰোৱা ( dead skin cells), উফিৰ সমস্যা নিৰ্মূল কৰাত ই সহায় কৰে। তদুপৰি ই কণ্ডিচনাৰ হিচাবেও কাম কৰে।নেমুৰ ৰস আৰু এলভেৰা জেল একেলগে মিহলাই ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

৩)আমলখিঃ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন C , এন্টিঅক্সিডেন্ট, ফ্লেৱনইডছ ( flavonoids) আছে যিয়ে চুলিৰ বাবে অতি উপকাৰী। আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলি ঘন আৰু গাঢ় কৰে, অকালপক্কতা, উফিৰ সমস্যাবোৰ দূৰ কৰে। আপুনি যদি সম পৰিমাণে আমলখিৰ ৰস আৰু নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত মালিচ কৰে তেন্তে উফিৰ সমস্যা নিৰ্মূল হ’ব।

৪)মেথিগুটিঃ উৎকৃষ্ট গুনেৰে ভৰপূৰ মচলা ঔষধি মেথিগুটি বিভিন্ন ৰোগৰ বাবে অতি উপকাৰী। খোৱাৰ উপৰিও বাহ্যিক ভাবে মেথিগুটি ব্যৱহাৰ কৰিলে আমাক বিভিন্ন ধৰণে সহায় কৰে। বিশেষকৈ চুলিৰ গঠন মজবুত কৰাত আৰু চুলিৰ ভিন ভিন সমস্যা নিৰ্মূল কৰাত মেথিগুটি অত্যন্ত উপকাৰী। ইয়াত থকা ভিটামিন A,B, C, K , প্ৰটিন, কেলচিয়াম, আইৰণ আদি থকাৰ বাবে ইয়াৰ গুণাগুণ বেছি।

৫)পিয়াজঃ বৰ্তমান সময়ত চুলি সৰা সমস্যাতো এক প্ৰধান সমস্যা হৈ পৰিছে প্ৰায়বোৰ মানুহৰে।এইক্ষেত্ৰত কেঁচা পিয়াজৰ ব্যৱহাৰে বহুত পৰিমাণে সহায় কৰে। চুলিৰ পৰিচৰ্যাত পিয়াজৰ ৰস আৰু কেইটামান মেথিগুটিৰ গুৰিৰ লগত মিহলাই চুলিৰ গুৰিত সানিব লাগে।

৬)ঔটেঙা বীজঃ অতীতত ঔটেঙাৰ বীজ শ্বেম্পুৰ দৰে ব্যৱহাৰ হৈছিল। চুলিৰ গঠন মজবুত কৰাৰ উপৰিও চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে। আচলতে ই প্ৰাকৃতিক কণ্ডিচনাৰ হিচাবে কাম কৰে। চুলিত ইয়াক প্ৰয়োগ কৰাও সহজ। ঔটেঙাৰ বীজ থেতেলাই লৈ তাৰ বিজলুৱা অংশ চুলিৰ গুৰিত ঘঁহক। এঘণ্টাৰ পাছত শ্বেম্পুৰে ভালকৈ ধুই পেলাওক। ইচ্ছা কৰিলে হেনাৰ লগতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।

৭)মনিছালঃ মনিছালৰ গুটিৰ বাকলি গৰম পানীত তিয়াই থলে শ্বেম্পুৰ দৰে ফেন ওলায়। সেয়েহে আমাৰ পূৰ্বপুৰুষসকলে এই মনিছালৰ বাকলি শ্বেম্পুৰ দৰে ব্যৱহাৰ কৰিছিল। উফিৰ সমস্যাত মনিছালৰ বাকলি অতি উত্তম। ইয়াৰ উপৰিও ই শুকান, ৰুক্ষ চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে, ওকণীৰ সমস্যা নিৰাময় কৰে। ইংৰাজীত ইয়াক চিকাকাই (shikakai) বুলিও কোৱা হয়। শুকান আমলখি কেইটামান আৰু মনিছালৰ বাকলি একেলগে পানীত সিজাই তাৰ পিছত চেকণিৰে চেকি শ্বেম্পুৰ দৰে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

৮)কেহেৰাজ বনঃ অতীতৰ পৰা কেহেৰাজ বিভিন্ন ৰোগ নিৰাময় আৰু সৌন্দৰ্য্য চর্চাত ব্যৱহাৰ হৈ আহিছে।কেহেৰাজ বনক সংস্কৃতত ভৃঙ্গৰাজ বুলিও কোৱা হয়। এই ভৃঙ্গৰাজৰ পৰা চুলিত ঘঁহা বিভিন্ন হাৰ্বেল তেল বনোৱা হয়। চুলিৰ বিভিন্ন সমস্যাত কেহেৰাজ উপকাৰী। বিশেষকৈ চুলি সৰা, অকালপক্কতা ৰোধ কৰাত কেহেৰাজে সহায় কৰে।নাৰিকল তেল গৰম কৰি চুলিৰ গুৰিত মালিচ কৰি গোটেই ৰাতিৰ বাবে লগাই থওক। পিছদিনা কেহেৰাজ বনৰ ৰস আৰু কেঁচা পিয়াঁজৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত লগালে ভাল ফল পাব।

বৰ্তমান প্ৰায়বোৰ ব্যক্তিয়েই প্ৰাকৃতিক উপায়েৰে নিজৰ ছাল চুলিৰ যত্ন লবলৈ বিচাৰে। আমাৰ পূৰ্বপুৰুষ সকলে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানেৰে যি সৌন্দৰ্য্য চৰ্চা কৰিছিল আমি তাকেই অনুকৰণ কৰা উচিত।আৰু চুলিৰ যত্ন লোৱাৰ লগে লগে সুষম খাদ্যভ্যাস আৰু সু-নিদ্ৰাৰো প্ৰয়োজন। চুলিৰ বিভিন্ন সমস্যাৰ কাৰণসমূহো ভিন ভিন। হ’ৰমন জনীত সমস্যা বা কোনো গুৰুতৰ সমস্যাৰ বাবে চুলি সৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

You might also like
Leave A Reply

Your email address will not be published.