বলীউডত কাম দিয়াৰ নামত ধন দাবী!

চাইবাৰ অপৰাধীৰ জালত বলীউডৰ মোহময়ী অভিনেত্ৰী

লীউডত কাম দিয়াৰ নামত ধন দাবী!

চাইবাৰ অপৰাধীৰ জালত বলীউডৰ মোহময়ী অভিনেত্ৰী

প্ৰযুক্তি বিদ্যা যিমানেই আগবাঢ়িছে সিমানেই চাইবাৰ অপৰাধীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। নিতৌ ন ন কৌশলেৰে চাইবাৰ অপৰাধীয়ে বিভিন্ন অপৰাধ সংঘটিত কৰি আছে। সাধাৰণ জনতাৰ পৰা বলীউডৰ তাৰকালৈকে চাইবাৰ অপৰাধীৰ জালৰ পৰা সাৰি যাব পৰা নাই। এইবাৰ চাইবাৰ অপৰাধীৰ বলি হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী বিদ্যা বালান।
মোহময়ী অভিনেত্ৰীগৰাকীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউন্ট তৈয়াৰ কৰি মানুহৰ পৰা ধন বিচৰাৰ অভিযোগত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীত এফআইআৰ দাখিল কৰিছে বিদ্যা বালানে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, এজন অচিনাকি ব্যক্তিয়ে বিদ্যা বালানৰ দৰে একেধৰণৰ ইনষ্টাগ্ৰাম আইডি তৈয়াৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীৰ নামত জিমেইল একাউণ্টো তৈয়াৰ কৰিছিল। তাৰ পিছত সেই একাউণ্টসমূহ ব্যৱহাৰ কৰি তেওঁ বলীউডৰ সৈতে জড়িত লোকৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছিল। সেই একাউন্টসমূ ব্যৱহাৰ কৰি তেওঁ মানুহক কাম দিয়াৰ আশ্বাস দি ধন বিচাৰিছিল। বিদ্যা বালানে এই কথা গম পোৱাৰ লগে লগে মুম্বাই আৰক্ষীক অভিযোগ দিয়ে।
অভিনেত্ৰী বিদ্যা বালানৰ অভিযোগৰ ভিত্তিত মুম্বাইৰ খাৰ আৰক্ষীয়ে আই টিৰ ৬৬ (চি) ধাৰাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই গোচৰৰ কথা উল্লেখ কৰি তেওঁৰ অনুৰাগীসকলক এনেধৰণৰ ভুৱা একাউন্টৰ পৰা সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰে।

You might also like
Leave A Reply

Your email address will not be published.