আজি ৬ জানুৱাৰী

⏩১৩১৬ দিল্লীৰ চুলতান আলাউদ্দিন খিলিজীৰ মৃত্যু।
⏩১৮৮৪ অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্রকৃতিবিজ্ঞানী গ্রেগৰ যোহান মেণ্ডেলৰ মৃত্যু।
⏩১৮৮৫ আধুনিক হিন্দী গদ্য সাহিত্যৰ জনক ৰূপে খ্যাত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ বাৰাণসীত মৃত্যু।
⏩১৯১৯ আমেৰিকাৰ ৰাষ্ট্রপতি ৰূপে দুবাৰ কাৰ্যনিৰ্বাহ কৰা থিঅ’ডৰ ৰুজভেল্টৰ মৃত্যু।
⏩১৯৪৭ ভাৰত বিভাজনৰ বাবে অল ইণ্ডিয়া কংগ্রেছ কমিটীৰ অনুমোদন। এই বিষয়ে হোৱাভোটৰ সপক্ষে ৯৯টা আৰু বিপক্ষে ৫২টা ভোট পৰে।
⏩১৯৫৯ ভাৰতৰ ক্ৰিকেট অলৰাউণ্ডাৰ কপিলদেৱৰ জন্ম।
⏩১৯৬১ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৬৬তম অধিৱেশন গুজৰাটৰ ভৱনগৰত আৰম্ভ। দুদিনীয়া এই সন্মিলনৰ সভাপতি আছিল নীলম সঞ্জীৱ ৰেঙী।
⏩১৯৭১ প্রসিদ্ধ যাদুকৰ পি চি সৰকাৰৰ (প্রতুল চন্দ্র সৰকাৰ)মৃত্যু।
⏩১৯৮১ ভাৰতীয় বিজ্ঞানীৰ এন্টার্কটিকালৈ যাত্রা।
⏩১৯৮৯ ইন্দিৰা গান্ধীৰ হত্যাত অভিযুক্ত সতৱন্ত সিং আৰু কেহৰ সিঙক নতুন দিল্লীৰ তিহাৰ জে’লত ফাঁচি।
⏩অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’ৰ নিয়মীয়া সংখ্যাৰ প্রকাশ
⏩২০০৪ টেষ্ট ক্রিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভৱ’ৰ অৱসৰ। ২০০৫ প্রবীণ ৰাজনীতিবিদ নিবাৰণ বৰাৰ মৃত্যু।
⏩মাদ্রাজ বিশ্ববিদ্যালয়ৰ ঘোষণা: গুৱাহাটীত বৰভূঁইকঁপ হ’ব পাৰে।

You might also like
Leave A Reply

Your email address will not be published.