আজি ৯ ফেব্ৰুৱাৰী

➡️১৮২৪ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি মধুসূদন দত্তৰ মাইকেল মধুসূদন দত্ত নাম গ্ৰহণ।
➡️১৮৮০ ৰাছিয়াৰ সাহিত্যিক ডস্তয়েভস্কিৰ ( সম্পূৰ্ণ নাম থিঅ’ডৰ মিখাইল’ভিচ ডস্তয়েস্কি) মৃত্যু।
➡️১৮৮৯ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ উদ্য়োগত সাহিত্যালোচনী ‘জোনাকী’ৰ প্ৰকাশ। সম্পাদকঃ চন্দ্ৰকুমাৰ আগৰৱালা।
➡️১৯৩১ নতুন দিল্লী চহৰৰ উদ্বোধনী উপলক্ষে ডাক বিভাগৰ ছটা ডাক টিকট মুকলি। এইকেইটাই আছিল ভাৰতৰ প্ৰথম স্মাৰক ডাকটিকট।
➡️১৯৪০ দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেৎজীৰ জন্ম। ২০০৩ চনত কোৱেৎজীয়ে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৫০ বাণী মন্দীৰ প্ৰকাশনৰ স্থাপন।
➡️২০০৭ গুৱাহাটীত ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ। ১৮ ফেব্ৰুৱাৰীত এই ক্ৰীড়া সমাৰোহৰ সামৰণি পৰে।

You might also like
Leave A Reply

Your email address will not be published.