খালী পেটত তৰমুজ!কিমান উপযোগী

ৰোগবিহীন স্বাস্থ্য সকলোৰে কাম্য

ৰোগবিহীন স্বাস্থ্য সকলোৰে কাম্য।খাঁওক সঠিক সময়ত সঠিক খাদ্য। ৰাতিপুৱাই খালি পেটত এইসমূহ আহাৰ গ্ৰহন কৰিলে পাব প্ৰকৃত লাভ।সেয়ে জানো আহক আমি খালি পেটত কি কি খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰিব পাৰোঁ।

১)খেজুৰঃ আমি সকলোৱে জানো যে খেজুৰ খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ,কেলচিয়াম,মগ্নেচিয়াম, পটাছিয়াম,ভিটামিন বি-৬,আইৰণ আদি পোৱা যায়।ৰাতিপুৱা খালি পেটত খেজুৰ খালে শক্তি বৃদ্ধি পায়,হজম শক্তি ভাল হয়।আৰু যি সকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে খেজুৰ অতি উপকাৰী ফল।

২)কলঃ ৰাতিপুৱা শুই উঠি প্ৰথমতে যদি খাদ্যৰ তালিকাত কল থাকে তেন্তে কলে খালে শৰীৰত শক্তিৰ বৃদ্ধি কৰাত সহায় কৰে। কলত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে।কলত কাৰ্বহাইড্ৰেট আৰু প্ৰাকৃতিক চেনিৰ পৰিমাণও খুব বেছি। ইয়াৰ উপৰিও ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

৩)আপেলঃ”An apple a day keeps the doctor away”, কোনো বিশেষজ্ঞই কোৱা মতে বিশেষকৈ খালী পেটত দৈনিক এটাকৈ আপেল খালে বহু ৰোগৰ পৰা বাছি থাকিব পাৰি ।আপেল এবিধ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ ফল।হজম শক্তিৰ পৰা আৰম্ভ কৰি ছালৰ পৰা চুলিলৈকে সকলোৰে বাবে আপেল অতি উপকাৰী। দৈনিক এটা আপেল খালী পেটত খোৱাটো অতি পুৰণি উপদেশ। এই উপদেশ ঘৰৰ বয়োজ্যেষ্ঠসকলে সদায় মানি আহিছে।

৪)তৰমুজঃ ৰাতিপুৱা খালী পেটত তৰমুজ খালে শৰীৰৰ বাবে অত্যন্ত হাইড্ৰেটিং হ’ব পাৰে কাৰণ তৰমুজত ৯২% পানী থাকে। লগতে তৰমুজত লাইকোপেন থাকে, যিটো এটা শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে আপোনাৰ হৃদযন্ত্ৰ আৰু ছালখনক সুৰক্ষা দিয়াত সহায় কৰে।

৫)অমিতাঃ অমিতা হৈছে গ্রীষ্মপ্ৰধান ফল।অমিতা পেপেইন আৰু চাইম’পেপেইনৰ দৰে এনজাইমেৰে সমৃদ্ধ।এই এনজাইমবোৰে হজম শক্তি উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ কৰাৰ বাবে বহু উপকাৰী। খালী পেটত অমিতা খালে শৰীৰে অমিতাৰ পৰা এ, চি, ই আদি ভিটামিন ভালদৰে শোষণ কৰিবলৈ সক্ষম হয় ।এই ভিটামিনবোৰ শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ছালখন সুস্থ কৰি ৰাখে।

সামৰণিত ক’ব পাৰি যে এই ফলবোৰৰ সৈতে খালী পেটত দিনটো আৰম্ভ কৰাটো সুস্বাস্থ্য বজাই ৰখাৰ এটা সহজ উপায়। ৰাতিপুৱাই শৰীৰত অধিক পুষ্টিকৰ পদাৰ্থ শোষিত হোৱাৰ লগে লগে ই শৰীৰৰ সকলো অংগৰ বাবে উপকাৰী। গতিকে,এইসমূহ খাদ্য খাঁৱক ,সুস্থ থাকক।

You might also like
Leave A Reply

Your email address will not be published.