আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

দেশজুৰি স্মৰণ হকী কিংবদন্তি ধ্যানচান্দক

নিউজ ডেক্স:

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। আজি সৰ্বত্ৰে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। প্ৰতি বছৰে ২৯ আগষ্টৰ দিনটোত পালন কৰা হয় এই দিৱস। ১৯০৫ চনৰ এই দিনটোতেই জন্ম হৈছিল ভাৰতীয় হকীৰ প্ৰবাদপুৰুষ মেজৰ ধ্যানচান্দৰ । এইগৰাকী কিংবদন্তিৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থেই তেওঁৰ জন্মদিনটো দেশে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে পালন কৰি আহিছে।দেশৰ পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে আৰু ভাৰতীয় লোকৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কছৰতৰ প্ৰয়োজনীয়তা তথা লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.