আজি ৩০ আগষ্ট

▶️১৭৯৭ চনৰ এই দিনটোতেই ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী ৱলষ্টনক্ৰেফট গডউইন শ্বেলীৰ জন্ম হৈছিল। ‘ফ্ৰেংকেনষ্টাইন’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
▶️১৮৫২ চনৰ আজিৰ দিনটোতেই নেডাৰলেণ্ডছৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেনৰীৰ জন্ম হৈছিল। ৰসায়ন বিজ্ঞানত নোবেল বঁটা(১৯০১) লাভ কৰা তেঁৱেই প্ৰথম বিজ্ঞানী।
▶️১৮৭০ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল।
▶️১৮৭১ চনৰ এই দিনটোতেই পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদৰ্শক লৰ্ড আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হৈছিল। ১৯০৮ চনত তেঁও ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ মৃত্যু ঘটিছিল।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী,ইলেক্ট্ৰনৰ আৱিষ্কাৰক ছাৰ যোছেফ জন টমছনৰ মৃত্যু ঘটিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই তদানীন্তন ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰ পৰা বিদায়।
▶️২০০০ চনৰ এই দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হীতেশ ডেকাৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অৰুণাচলৰ তদানীন্তন মুখ্যমন্ত্ৰী গেগং আপাঙৰ লগতে ৩১ গৰাকী কংগ্ৰেছ(ডি) বিধায়কৰ বিজেপিত যোগদান।।

You might also like
Leave A Reply

Your email address will not be published.