ঔষধ কিনিবলৈ গৈ দুই ভগ্নীৰ কৰুণ মৃত্যু

নেচনেল ডেস্ক: ইটাৱা জিলাৰ কানপুৰ-আগ্ৰা ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ইটাৱা জিলাৰ একদিল থানাৰ অন্তৰ্গত তাৰা দেৱী আৰু শ্যামা দেৱী নামৰ দুগৰাকী বৃদ্ধা ভগ্নীৰ থিতাতে মৃত্যু হয়। পথ পাৰ হ’বলৈ লওঁতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যুক আকোঁৱালি লয় দুই বৃদ্ধা ভগ্নীয়ে । আৰক্ষীয়ে জনোৱা মতে, কনিষ্ঠ ভগ্নী শ্যামা দেৱীৰ সৈতে তাৰা দেৱীয়ে ঔষধ কিনিবলৈ চহৰলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাতো । দুৰ্ঘটনাৰ পাছত আৰক্ষীয়ে মৃতদেহ ২টা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালক জনে পলায়ন কৰে যদিও বাহনখন জব্দ কৰি চালক জনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।।

You might also like
Leave A Reply

Your email address will not be published.