আজি ২৮ মাৰ্চ

১৬৪৫ চনৰ আজিৰ দিনটোতেই সপ্তম শিখগুৰু হৰগোবিন্দৰ দেহাৱসান।
১৮৬২ চনৰ এই দিনটোতেই ফৰাচী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ জন্ম হৈছিল। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতি স্বৰূপে তেওঁ লাভ কৰিছিল ১৯২৬ চনৰ শান্তিৰ নোবেল বঁটা।
১৮৬৮ চনৰ আজিৰ দিনটোতেই ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ (প্ৰকৃত নাম এলেক্সি মেক্সিম’ভি পেশ্বকভ) জন্ম হৈছিল।
১৯৮২ চনৰ এই দিনটোতেই মাৰ্কিন বিজ্ঞানী উইলিয়াম ফ্ৰান্সিছ গিয়ায়ুকৰ মৃত্যু হৈছিল। ১৯৪৯ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
১৯৮৪ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল টি এছ মিশ্ৰ।সেই বছৰৰে ১৫ এপ্ৰিললৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতত বিধ্বংসী ভূমিকম্পত শতাধিক লোকৰ মৃত্যু হৈছিল।
২০০৫ চনৰ আজিৰ দিনটোতেই টাইৱানত চীনাবিৰোধী লোকৰ অভূতপূৰ্ব সমদল।কেইবা লাখ লোকৰ অংশগ্ৰহণ।
২০০৫ চনৰ এই দিনটোতেই ‘ভেট’ৰ বিৰোধীতাত ভাৰত বন্ধৰ আহ্বান।
২০০৫ চনৰ আজিৰ দিনটোতেই অমৃতা থাপ্পাৰৰ ‘মিছ ইণ্ডিয়া’ খিতাপ অৰ্জন।।

You might also like
Leave A Reply

Your email address will not be published.