কথাশিল্পী,কবি সনন্ত তাঁতীৰ দেহাৱসান

বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই। নিশা ১:০৫ বজাত নতুন দিল্লীত দেহাৱসান ঘটে প্ৰিয় কবিজনৰ। ১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগানত এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰা কবি গৰাকীয়ে ২০১৮ চনত তেওঁৰ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্য সংকলন খনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত কবি,সমালোচক গৰাকীয়ে কথাশিল্পৰ জড়িয়তে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কবি সনন্ত তাঁতীৰ মৃত্যুত অসমীয়া কাব্য ক্ষেত্ৰত এক বৰ্ণিল যুগৰ অৱসান ঘটিল।।

You might also like
Leave A Reply

Your email address will not be published.