আজি ২৫ নৱেম্বৰ

➡ ১৮৬৬ চনৰ আজিৰ দিনটোতে এলাহবাদ উচ্চ ন্যায়ালয় মুকলি কৰা হৈছিল । ১৮৬৬ চনৰ পৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ আগ্ৰাত চলিছিল। ১৮৬৯ চনত ইয়াক এলাহাবাদলৈ অনা হৈছিল।

➡ ১৯৩০ চনৰ ২৫ নৱেম্বৰত সাহিত্যিক, বুৰঞ্জীবিদ লীলা গগৈৰ জন্ম হৈছিল।

➡ ভাৰতত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (National cadet corps, সংক্ষেপে NCC) প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৭৪ চনৰ ২৫ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান ইউ থান্টাৰ মৃত্যু হৈছিল।

➡ ১৯৭৫ চনৰ আজিৰ দিনটোতে ছুৰিনামে স্বাধীনতা লাভ কৰিছিল।

➡ পাপুৱা নিউগিনিৰ স্বাধীনতা লাভ কৰিছিল ১৯৭৫ চনৰ ২৫ নৱেম্বৰত।

➡ ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাই এন্টাৰ্কটিকালৈ যাত্ৰা আৰম্ভ কৰিছিল। দলটোৱে এই দিনটোতে গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১ ডিচেম্বৰৰ ১.৩০ বজাত এন্টাৰ্কটিকাত উপস্থিত হৈছিল। এন্টাৰ্কটিকালৈ যোৱা ডেকাই হ’ল প্ৰথম অসমীয়া।

➡ ১৯৯০ চনৰ ২৫ নৱেম্বৰত ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত আৰ ডি এছ পেৰী শাস্ত্ৰীৰ মৃত্যু হৈছিল।

➡ ১৯৯৯ চনৰ আজিৰ দিনটোতে বৰ্ষীয়ান গান্ধীবাদী নেতা, সমাজকৰ্মী বাবা আমতেলৈ ১৯৯৯ চনৰ ‘গান্ধী শান্তি বঁটা ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.