বঙাইগাঁও কেবিনেটৰ মূল সিদ্ধান্ত সমূহ

দিছপুৰৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দ্বিতীয়খন কেবিনেটত গ্ৰহন কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-

➡ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৫+৩+৩+৪ আৰ্হিত হ’ব শ্ৰেণীসমূহ। ১৫ টা শ্ৰেণীত হ’ব স্কুলীয়া শিক্ষা ব্যৱস্থা। নৱমৰ পৰা দ্বাদশলৈ হ’ব ছিনিয়ৰ ছেকেণ্ডাৰী।

➡ সত্ৰৰ মাটি বেদখল নিৰীক্ষনৰ বাবে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হ’ব বিশেষ কমিটি। সদস্য হিচাপে থাকিব মৃনাল শইকীয়া আৰু ৰূপক শৰ্মা।

➡ চহৰৰ মাটি নিজৰ অধিন কৰাৰ বাবে এতিয়াৰে পৰা ২০ বছৰৰ পৰিৱৰ্তে ১০ বছৰ দখলত থাকিলেই হ’ব।

➡ ৫০ লাখ টকাৰ পৰিৱৰ্তে ২৫ লাখ টকাৰ ওপৰৰ সকলো নিবিদাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ই-টেণ্ডাৰ।

➡ ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীৰ ছুটী। ৮ আৰু ৯ জানুৱাৰী ২য় শনিবাৰ আৰু দেওবাৰ। এই ৪ দিন দিব লাগিব পিতৃ মাতৃ অথবা শহুৰ-শাহুক। চৰকাৰী কৰ্মচাৰীৰ পৰা মন্ত্ৰীলৈ সকলোৱে পাব ছুটী।

➡ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব।

➡ চৰকাৰে গঠন কৰিব য়ুথ আয়োগ। য়ুথ আয়োগে নিয়োগৰ বাবে প্ৰশিক্ষন প্ৰদান কৰিব।

➡ অহা ৪-৫ মাহৰ ভিতৰত আৰম্ভ হ’ব বঙাইগাঁও মেডিকেল কলেজ। ৰাজ্য চৰকাৰে ৫৪২ কোটি টকা ইতিমধ্যে অনুমোদন দিছে।

➡ ৫০ কোটি টকাৰে বঙাইগাঁৱত নিৰ্মান হ’ব নতুন জিলা উপায়ুক্তৰ কাৰ্যালয়।

➡ ২৫ কোটি টকাৰে বঙাইগাঁৱত নিৰ্মান কৰা হ’ব ষ্টেডিয়াম।

➡ অহা তিনি বছৰত সম্পূৰ্ণ হ’ব বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কাম।

➡️ ৫ জানুৱাৰীত হাফলঙত অনুষ্ঠিত হ’ব ৰাজধানীৰ বাহিৰৰ তৃতীয়খন ৰাজ্যিক কেবিনেট।।

You might also like
Leave A Reply

Your email address will not be published.