নিউজ ডেস্ক—
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত শুকুৰবাৰে দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১৪১ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬৪ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে এগৰাকী আক্ৰান্তৰ। সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৪১ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৮,৫০৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৬২৪ ক’ভিড আক্ৰান্ত। আৰোগ্যৰ হাৰ ৯৮.৩৫ শতাংশ। সুস্থতাৰ হাৰ ০.৭০ শতাংশ।।