নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৮০০ গৰাকী লোক। আক্ৰান্তসকলৰ ৬০ গৰাকী বাক্সা জিলাৰ, ৫০ গৰাকী গোৱালপাৰা জিলাৰ, ৪৭ দৰং জিলাৰ, ৪৫ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪২ গৰাকী লক্ষীমপুৰ জিলাৰ, ১ গৰাকীকৈ কামৰূপ (মেট্ৰ’) আৰু নগাওঁ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১০.১০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.১৬ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২১,৪১১ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৬৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৪৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৫০,১০০ গৰাকী।