নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১১৩ গৰাকী লোক। আক্ৰান্তসকলৰ ১৮ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ১৮ গৰাকী কাছাৰ জিলাৰ, ১০ গৰাকী ডিমা হাচাও জিলাৰ, ৮ গৰাকী ডিব্ৰুগড় জিলাৰ, ৬ গৰাকী বিশ্বনাথ জিলাৰ, ৪৬ গৰাকী লক্ষীমপুৰ জিলাৰ আৰু ১ গৰাকী গোলাঘাট জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। ৰাজ্যত পজিটিভিটিৰ হাৰ ১০.২৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.১৬ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৬,৮৬৬ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৭.০৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৫০,৮৭৭ গৰাকী।