ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৯ গৰাকী লোক। আক্ৰান্ত সকলৰ ৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৩ গৰাকী গোৱালপাৰা জিলাৰ, ২ গৰাকী বৰপেটা জিলাৰ, ২ গৰাকী তিনিচুকীয়া জিলাৰ আৰু ১ গৰাকী ধেমাজি জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৬৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৬৬৪ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২৩ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৯৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৭,৯২২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.