নিউজ ডেস্ক:
বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪ গৰাকী লোক। আক্ৰান্ত সকলৰ ৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ আৰু ১ গৰাকী ডিব্ৰুগড় জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৫১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৩২১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৯ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.০৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৬,০৯৮ গৰাকী।