আজি ৩ নৱেম্বৰ

▶️১৬১৮ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট ঔৰংগজেৱৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল।
▶️১৯০৩ চনৰ আজিৰ দিনটোতেই পানামা স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰত পৰিনত হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই নাট্যকাৰ, ঔপন্যাসিক অৰুণ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই নোবেল জয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ জন্ম হৈছিল।
▶️১৯৪৮ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰথম ভাষণ প্ৰদান।
▶️১৯৫৭ চনৰ এই দিনটোতেই স্পুটনিক-২ৰ উৎক্ষেপণ। এইটো উপগ্ৰহৰ ভিতৰত পৃথিৱীৰ প্ৰথম জীৱ(লাইকা নামৰ এজনী কুকুৰ)ৰ মহাকাশলৈ যাত্ৰা।
এসপ্তাহ ধৰি লাইকা মহাকাশত জীয়াই আছিল আৰু তাইৰ স্বাস্থ্যৰ খবৰ অনাতাঁৰযোগে পৃথিৱীৰ ভূকেন্দ্ৰই সংগ্ৰহ কৰি আছিল। লাইকাক পৃথিৱীলৈ ওভতাই অনাৰ কোনো উপায় সেইসময়ত নাছিল। সেইবাবে মহাকাশতেই লাইকাই নিজৰ জীৱন বিজ্ঞানৰ প্ৰগতিৰ বাবে উছৰ্গা কৰে।১৯৫৮ চনৰ ১৪ এপ্ৰিলৰ দিনা লাইকাৰ মৃতদেহসহ স্পুটনিক-২ৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ ঘটে আৰু বায়ুমণ্ডলৰ ঘঁহনিত জ্বলি বিলীন হয়।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই ম্যানমাৰৰ ইউ থান্ট ৰাষ্ট্ৰসংঘৰ নতুন সচিব প্ৰধান পদত অধিষ্ঠিত হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই জিমি কাৰ্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি পদত বহিছিল।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ডোমানিকা স্বাধীনতা লাভ।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই ষষ্ঠ জি-১৫ সন্মিলন আৰম্ভ হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই মেচ ফিক্সিঙৰ অপৰাধত মহম্মদ আজহাৰউদ্দীনসহ ৫ ভাৰতীয় ক্ৰিকেটাৰক নিলম্বন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদক নিষিদ্ধ ঘোষণা।আফগানিস্তানৰ অপসাৰিত ৰজা জাহিৰ শ্বাহৰ তিনিজন কটকীক তালিবানৰ ফাঁচি।
▶️২০০৪ চনৰ এই দিনটোতেই ভাৰতীয় বংশোদ্ভৱ ববী জিন্দাল মাৰ্কিন সংসদৰ নিম্ন সদনলৈ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.