গৃহহীনৰ কাষত থিয় দিছে ব্ৰিটেইৰ ৰাজকুমাৰ উইলিয়াম

নিজৰ মাটিত গৃহহীনৰ বাবে ঘৰ বনাব ৰাজকুমাৰে

নিউজ ডেস্ক:

গৃহহীনৰ কাষত থিয় দিছে ব্ৰিটেইৰ ৰাজকুমাৰ উইলিয়াম

নিজৰ মাটিত গৃহহীনৰ বাবে ঘৰ বনাব ৰাজকুমাৰে

ব্ৰিটেইনৰ গৃহহীন জনতাৰ কাষত সাহস হৈ থিয় দিছে ৰাজকুমাৰ উইলিয়াম। গৃহহীন পৰিয়ালক স্থায়ী ঠিকনা দিয়াৰ উদ্দেশ্যৰে নিজৰ মাটিত ৰাজকুমাৰ উইলিয়ামে নিৰ্মাণ কৰিব ঘৰ। তথ্য মতে, এই পদক্ষেপৰ দ্বাৰা গৃহহীনসকলৰ বাবে ডাচি অৱ কৰ্ণৱালৰ মাটিত নিৰ্মাণ কৰা হ’ব ২৪টা ঘৰ । এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব এই ঘৰ নিৰ্মাণৰ কাম। ২০২৫ চনৰ শৰৎকাললৈ সম্পূৰ্ণ হ’ব গৃহ নিৰ্মাণৰ কাম। আনুষ্ঠানিক বিবৃতি অনুসৰি এই ঘৰসমূহ গৃহহীনতাৰ দাতব্য সংস্থা ‘ছেইণ্ট পেট্ৰ’ক্স’ৰ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা হ’ব। বিবৃতিটোত লগতে কোৱা হৈছে যে এই ঘৰৰ বাসিন্দাসকলক প্ৰশিক্ষণ আৰু নিয়োগৰ সুযোগ লাভ কৰাত ছেইণ্ট পেট্ৰ’কছে সহায় কৰিব।
ডাচিৰ এষ্টেট ডাইৰেক্টৰ বেন মাৰ্ফীয়ে কয় যে এই পদক্ষেপে নিউকে অঞ্চলত গৃহহীনতাৰ গৃহহীনতাৰ সমস্যা দূৰ কৰাত সহায় কৰিব। লগতে, তেওঁ কয় যে ডাচি অৱ কৰ্ণৱালক অগ্ৰাধিকাৰ দি কৰ্ণৱালৰ ভিতৰত আৰু ইয়াৰ কাষৰীয়া বাগিচা অঞ্চলত বাস কৰা গৃহহীন লোকসকলৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজকুমাৰ উইলিয়ামে নিৰ্দেশনা দিয়ে।
বেন মাৰ্ফীয়ে লগতে কয় যে, দেশখনত গৃহহীনতাৰ মূল কাৰণ হৈছে ব্যক্তিগত ভাড়াঘৰৰ অভাৱ। যাৰ বাবে তেওঁলোকে গৃহহীনলোকসকলৰ বাবে সুলভ আৰু লাভজনক গৃহনিৰ্মাণৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজকুমাৰ উইলিয়ামৰ সৈতে এই প্ৰকল্পত সংযোজিত হ’বলৈ পাই তেওঁ গৌৰৱবোধ কৰা বুলিও জনায়।
‘ছেইণ্ট পেট্ৰ’ক্স’ৰ সদস্যই সংবাদ প্ৰতিষ্ঠান ‘আউটলেট’ক জনোৱা মতে, তেওঁলোকে ৩০ বছৰতকৈও অধিক সময় কৰ্ণৱালত কাম কৰি আহিছে আৰু এই সময়ছোৱাত বহু শতাধিক লোকক সহায় কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.