মিঠা আলুৱে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

জানো আহক মিঠা আলুৰ পুষ্টিগত গুণাগুণৰ বিষয়ে

জানো আহক মিঠা আলুৰ পুষ্টিগত গুণাগুণৰ বিষয়ে —

বজাৰত এনেকুৱা বহু পুষ্টিকৰ খাদ্য পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে কি খাব বা কি নাখাব তাক লৈ বহুবাৰ বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ কাৰণ সামান্য ভুল হ’লে শৰীৰৰ ৰক্তত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক ৷ সাধাৰণতে বিশ্বাস কৰা হয় যে মিঠা বস্তুৱে ডায়েবেটিছ বৃদ্ধি কৰে ,কিন্তু মিঠা আলু এনেকুৱা এবিধ পাচলি যি সোৱাদ মিঠা কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।
কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক সেৱন কৰাটো উচিত হয় নে নহয় ? জানি লও আহক

মিঠা আলুত বহু পুষ্টিকৰ উপাদান থাকে । ইয়াত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, স্বাস্থ্যকৰ চৰ্বি, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কেৰটিনয়ড আৰু থাইয়ামিন আদি গুৰুত্বপূৰ্ণ পুষ্টি পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে সকলো দিশতে অতি উপকাৰী ৷ কিন্তু যিহেতু ইয়াৰ সোৱাদ মিঠা, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাবলৈ ভয় কৰে ৷

খাদ্য বিশেষজ্ঞৰ মতে, যিকোনো খাদ্য ৰন্ধা পদ্ধতিয়েই ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হ’ব নে বেছি হ’ব সেইটো নিৰ্ণয় কৰে। উচ্চ জি আই থকা যিকোনো বস্তু মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে ৷ মিঠা আলুত ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে বহুতে ইয়াক খাবলৈ বহুতে ভয় কৰে ৷

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা মিঠা আলুত উচ্চ আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণ থাকে ৷ কিন্তু ইয়াক বাকলিৰ সৈতে উতলাই খালে ডায়েবেটিছত ই উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে আৰু ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।কিন্তু কিছুমান মানুহে মিঠা আলু তেলত ভাজি খায়, যিটো সঠিক উপায় নহয় ৷ ই তেজত বেয়া কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, যিটো ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক ৷ কেৱল সিজোৱা মিঠা আলু খাব লাগে আৰু সপ্তাহত এবাৰ বা দুবাৰ সেৱন কৰিব পাৰে ৷

You might also like
Leave A Reply

Your email address will not be published.