ASSAM | Assam floods : বানত মৃত্যু হোৱা লোকৰ সংখ্য ৮৭ গৰাকীলৈ বৃদ্ধি

ASSAM | Assam floods : বানত মৃত্যু হোৱা লোকৰ সংখ্য ৮৭ গৰাকীলৈ বৃদ্ধি

  নিউজ ডেস্ক: বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, বৰ্তমানেও ৰাজ্যৰ ২৫খন জিলাৰ বিভিন্ন প্ৰান্ত বানৰ কৱলত আছে। যদিও কিছুমান ঠাইত পানী কমিবলৈ আৰম্ভ কৰিছে, তথাপিও বহু বন্যাৰ্তই এতিয়াও নিজৰ ঘৰলৈ উভতি যাব পৰা নাই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে জনোৱা অনুসৰি সম্পূৰ্ণৰূপে ধ্বংস হৈছে ৩,৭৭১টা বাসগৃহ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ১২,৯৮৭টা বাসগৃহ। বানৰ প্ৰভাৱত ১১ লাখ ৪৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। ৭৭টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,২৮১খন গাঁও এতিয়াও পানীৰ তলত ডুবি আছে

বানৰ ফলত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই ৮৭ গৰাকী হৈছে। ইয়াৰে ভিতৰত সৰ্বাধিক ৪৭ গৰাকী লোকৰ মৃত্যু হৈছে শিৱসাগৰ জিলাত। ইয়াৰ উপৰিও চৰাইদেউত ২১ গৰাকী, যোৰহাটত ৯ গৰাকী, গোলাঘাটত ৩ গৰাকী, ধেমাজিত ৩ গৰাকী, কাৰ্বি আংলঙত ২ গৰাকী, শোণিতপুৰত ১ গৰাকী আৰু কামৰূপ মহানগৰ জিলাত কৃত্ৰিম বানৰ ফলত ১ গৰাকী লোকৰ মৃত্যু হৈছে। বৰ্তমানেও ৪ গৰাকী লোক নিৰুদ্দেশ হৈ আছে। শিৱসাগৰত ৩ জন আৰু ধেমাজিত ১ জন লোক নিৰুদ্দেশ হৈ আছে।

উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। বৰ্তমানেও প্ৰায় ৭৩ হাজাৰ লোক ২২৪টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। লগতে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত প্ৰায় ৩০ হাজাৰ লোকক প্ৰশাসনে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত ৰাখিছে।

প্ৰাকৃতিক দুৰ্যোগৰ ফলত সৃষ্ট এই প্ৰলয়ংকৰী বানত বিপদৰ সন্মুখীন হোৱা লোকসকলক পাৰ্যমানে সকলো সুবিধা চৰকাৰে প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সম্প্ৰতি বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি বেয়াকৈ ক্ষতিগ্ৰস্ত নেপালীখুঁটি এলেকা পৰিদৰ্শন কৰিছিল। আজি পুনৰ শিৱসাগৰৰ বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

You might also like
Leave A Reply

Your email address will not be published.