নিউজ ডেস্ক, ৫ আগষ্টঃ প্ৰলয়ংকৰী বানত ককবকাই থকা উজনি অসমৰ বানাক্ৰান্ত সকলৰ বিষয়ে সমগ্ৰ দেশতেই চৰ্চা চলি থকাৰ সময়ত এটা খবৰে মানৱীয়তাৰ আন এক দৃষ্টান্ত বহন কৰিছে । ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত ৭৩ বছৰীয়া বেংক বিষয়া দিনেশ দত্ত মেধিয়ে নিজৰ সম্পূৰ্ণ এটা মাহৰ পেঞ্চনৰ ধন ৪৭,৪৯০ টকা বন্যাৰ্তৰ বাবে অসমৰ অন্যতম বেচৰকাৰী তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ৰ হাতত অৰ্পণ কৰে ৷
বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহি নিজৰ নিজৰ শক্তি-সামৰ্থৰে বন্যাৰ্তৰ কাষত থিয় দিছে ৷ পথিকে বিগত কেইবাদিনো ধৰি জাঁজী-জামুগুৰি অঞ্চলৰ বিভিন্ন গাওঁ, বিহুবৰ, হুলাংকাঠনী, নিমাইজান, ৰাজগড়, কলংগনি, নেপালিখুঁটি, চণ্টক, চেতিয়াগাওঁ, সোণতলীচিগা, চাওৰাগাওঁ, বৰমিচিং গাওঁ, কমল চাপৰি, বেটবাৰী, গৌৰীসাগৰ আদি অঞ্চলৰ ১৩৭০ টা বানাক্ৰান্ত পৰিয়ালৰ কাষলৈ গৈ প্ৰথম পৰ্যায়ত বিভিন্ন সাহায্য প্ৰদান কৰে৷
দ্বিতীয় পৰ্যায়ৰ সাহায্য হিচাবে বানত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা ১০ জন বানাক্ৰান্তক ঘৰ আৰু শৌচাগাৰ সাজি দিয়াৰ পৰিকল্পনা হাতত লৈছে ৷ এই ঘৰ সজাৰ পৰিকল্পনাৰ কথা জানিব পাৰি দিনেশ দত্ত মেধিয়ে এই তেওঁৰ এটা মাহৰ পেঞ্চন ৪৭,৪৯০ টকা দান কৰে৷ উল্লেখযোগ্য যে শিলচৰত কৰ্মৰত অমৰেন্দ্ৰ নাথ আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিষয়া সুৰভি ভট্টাচাৰ্যই একোটাকৈ ঘৰ বন্ধাৰ খৰছ বহন কৰাৰ দায়িত্ব লৈ পথিকলৈ বাৰ্তা প্ৰেৰণ কৰিছে ৷ আজি পথিকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত দিনেশ দত্ত মেধিয়ে অৰ্পণ কৰা চেক গ্ৰহণ কৰে পথিকৰ উপ- সভাপতি মিনতি বৰুৱা, মনালিচা মহন্ত, প্ৰকাশ বৰুৱা আৰু সঞ্চালক ভিক্টৰ ৰাজকুমাৰে ৷
বানাক্ৰান্তৰ বাবে পথিকৰ এই ঘৰ সজা কাৰ্যসূচী অহা ১০ দিনৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি পথিকৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে৷ ইতিমধ্যে, পথিকৰ মুক্তিপথ প্ৰকল্পৰ আধাৰত এই বানত মৃত্যু হোৱা লোকৰ বিনামূলীয়াকৈ মৃতদেহ কঢ়িওৱা কাৰ্যসূচী লৈ এখন বাহন বিগত ১৪ দিন ধৰি নাজিৰা আদৰ্শ আৰক্ষী চকীত সক্ৰিয় কৰি ৰখা হৈছে৷
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like