গুৱাহাটী, ৬ আগষ্টঃ ৰাজ্য চৰকাৰে শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰা ‘নিযুত মইনা আৰু নিযুত বাবু’ আঁচনিৰ আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কেইবাটাও নতুন নিয়ম আৰু বিশেষ সহায়ৰ ঘোষণা কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা অনুসৰি, এতিয়াৰে পৰা সপ্তম ষাণ্মাসিকত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়েও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আঁচনিৰ অধীনত অহা ১০ অক্টোবৰত যোগ্য শিক্ষাৰ্থী সকলে বেংক একাউণ্ট যোগে আৰ্থিক সাহায্য লাভ কৰিব। আঁচনি অনুসৰি, উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে প্ৰতিমাহে ৮০০ টকা, স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে ১,২৫০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীয়ে ২,৫০০ টকা লাভ কৰিব।

ইফালে, বান পৰিস্থিতিৰ বাবে বিশেষভাৱে ক্ষতিগ্ৰস্ত যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে একাধিক বিশেষ সাহায্যৰ ঘোষণা কৰে। বানত বিধ্বস্ত আৰু পলসত ক্ষতিগ্ৰস্ত হোৱা ৭৯৩খন বিদ্যালয়ক এককালীন ২ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। ইয়াৰ বাবে চৰকাৰৰ মুঠ প্ৰায় ১৫ কোটি টকা ব্যয় হ’ব।লগতে, বানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক ১ হাজাৰ টকাকৈ, স্নাতক অধ্যয়ন কৰি থকা শিক্ষাৰ্থীক ৩ হাজাৰ টকাকৈ আৰু স্নাতোকোত্তৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীক ৫ হাজাৰ টকাকৈ বিশেষ সহায় আগবঢ়োৱা হৈছে। এই সিদ্ধান্ত বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি, পলিটেকনিক আৰু বিএড অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলকো আৰ্থিক অনুদান প্ৰদান কৰা হ’ব। আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ২১ হাজাৰ শিক্ষাৰ্থীৰ মাজত ৪.২৬ কোটি টকাৰ প্ৰদান কৰে।