ASSAM | “No need to seek flood relief for Assam from London or US”: Chief Minister Himanta Biswa Sharma : লণ্ডন বা আমেৰিকালৈ গৈ হাত পতাৰ প্ৰয়োজন নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লণ্ডন বা আমেৰিকালৈ গৈ হাত পতাৰ প্ৰয়োজন নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৬ আগষ্টঃ  বানাক্ৰান্ত অসমৰ বাবে বিদেশলৈ গৈ আৰ্থিক সাহায্য বিচৰাৰ কোনো প্ৰয়োজন নাই বুলি স্পষ্ট মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নৃত্য শিল্পী মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমৰ বাবে বান সাহায্য সংগ্ৰহ কৰি থকাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰতিক্ৰিয়া আগবঢ়ায়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰ সক্ষম আৰু এই ক্ষেত্ৰত তেওঁ কাৰো ওচৰত হাত পতাৰ পক্ষপাতি নহয়।

মুখ্যমন্ত্ৰীয়ে কয়, “মই দিল্লীৰ পৰাই টকা খুজিবলৈ দিগদাৰী পাওঁ। লণ্ডনৰ কথা দূৰৰে কথা। মই সদায় এইটোৱেই ভাবো যে মোৰ মানুহখিনিক কেনেকৈ সহায় কৰিব পাৰোঁ। কাৰো ওচৰত হাত পতাৰ পক্ষপাতি মই নহয়।” তেওঁ লগতে উল্লেখ কৰে যে, বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিজৰ সামৰ্থ্য আছে আৰু সেই আত্মবিশ্বাসেই চৰকাৰৰ শক্তি। যোৱা চাৰি দিন ধৰি বানপীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বান সাহায্য সন্দৰ্ভত কোনো এগৰাকী বন্যাৰ্তই এটাও অভিযোগ দিয়া নাই।

ASSAM | There is no need to go to London or the US to shake hands: Chief Minister Himanta Biswa Sharma : লণ্ডন বা আমেৰিকালৈ গৈ হাত পতাৰ প্ৰয়োজন নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বিদেশত থকা অসমীয়াসকল বা আন যিকোনো ব্যক্তিয়ে যদি অসমৰ বান পৰিস্থিতি টেলিভিছন বা ইউটিউবত দেখি স্বেচ্ছাই সাহায্য আগবঢ়াব বিচাৰে, তেন্তে চৰকাৰে তাক আদৰণি জনাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে সাহায্য বিচাৰি বিদেশলৈ যোৱাৰ ধাৰণাক তেওঁ নাকচ কৰি কয়, “লণ্ডন বা আমেৰিকালৈ গৈ হাত পতাৰ প্ৰয়োজন নাই। কোনোবাই নিজে দিলে সেয়া বেলেগ কথা।”

মুখ্যমন্ত্ৰীয়ে লগতে উদাহৰণ দি কয়, “অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প বা আন কোনো দুৰ্যোগ হ’লে স্বেচ্ছাই সাহায্য আগবঢ়াব পাৰে। কিন্তু সহায় খুজিবলৈ যোৱাটো উচিত নহয়। স্বেচ্ছাই দিয়া আৰু খুজি লোৱা—এই দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।”

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্য চৰকাৰৰ আত্মনিৰ্ভৰতা আৰু নিজৰ সামৰ্থ্যৰ ওপৰত আস্থাৰ বাৰ্তা বহন কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

You might also like
Leave A Reply

Your email address will not be published.