জম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ।

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। ১৪টা মেচেঞ্জাৰ মোবাইল এপ্লিকেচন বন্ধ কৰি দিয়া হয় জম্মু-কাশ্মীৰত। প্ৰতিৰক্ষা বাহিনী, নিৰাপত্তা, চোৰাংচোৱা আৰু তদন্তকাৰী সংস্থাৰ পৰামৰ্শ মতে এই পদক্ষেপ গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। জম্মু-কাশ্মীৰত এই মেচেঞ্জাৰ মোবাইল এপ্লিকেচন সমূহ সন্ত্ৰাসবাদী কাম-কাজ চলোৱাৰ বাবে ব্যৱহাৰ হৈ অহা বুলি চোৰাংচোৱাৰ সূত্ৰে প্ৰকাশ।

বন্ধ হোৱা এপসমূহ ক্ৰিপভাইজাৰ, এনিগমা, ছেফছৱিছ, উইক্ৰমে, মিডিয়াফায়াৰ, ব্রায়াৰ, বিচাট, নাণ্ডবক্স, কনিয়ন, আইএমঅ’, এলিমেণ্ট, ছেকেণ্ড লাইন, জাংগি আৰু থ্ৰীমা বুলি জানিব পৰা গৈছে।

তথ্য মতে, কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে এই এপসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ সমৰ্থক আৰু অন-গ্ৰাউণ্ড কৰ্মীৰ সৈতে যোগাযোগ ৰক্ষা কৰা বুলি একাধিক সংস্থাই গম পোৱাৰ পিছতে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। জানিব পৰা মতে, এই এপসমূহৰ ভাৰতত প্ৰতিনিধি নাই আৰু ভাৰতীয় আইনী প্ৰক্ৰিয়া অনুসৰি তথ্য বিচৰাৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাযায়। এজেন্সীসমূহে বিভিন্ন সময়ত এপ মেনেজমেণ্টৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতত যোগাযোগ কৰিবলৈ কোনো কাৰ্যালয় নাছিল।।

You might also like
Leave A Reply

Your email address will not be published.