আজি ১ মে’

▶️আজি মে’ দিৱস বা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস।
▶️১৮৭৩ চনৰ আজিৰ দিনটোতেই খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিদ লিভিংষ্টোনৰ মৃত্যু ঘটিছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা।১৮৬০ চনৰ সমিতি পঞ্জীয়ন আইন অনুসৰি ১৯০৯ চনৰ ৪ মে’ত এই অনুষ্ঠান পঞ্জীভুক্ত হৈছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই বিপ্লৱী ক্ষুদিৰাম বসুৰ সহযোগী প্ৰফুল্ল চাকিৰ আত্মহত্যা।
▶️১৯২৩ চনৰ এই দিনটোতেই ভাৰতত প্ৰথম মে’ দিৱস পালন।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই ১২৫ গৰাকী লোকৰ প্ৰাণ লোৱা ৰূদ্ৰপ্ৰয়াগৰ নৰখাদক ঢেকিয়াপতীয়া বাঘটোৰ জীম কৰবেটৰ হাতত নিধন।
▶️১৯৬০ চনৰ এই দিনটোতেই মুম্বাই পূণৰ্গঠন আইন অনুসৰি মুম্বাই ৰাজ্য দ্বিখণ্ডিত হৈ নতুন ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন।
▶️১৯৭২ চনৰ এই দিনটোতেই ভাৰতৰ সকলোবোৰ কয়লা খনিৰ ৰাষ্ট্ৰীয়কৰণ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই বাংলাদেশত ভয়ংকৰ সাগৰীয় ধুমুহাত প্ৰায় ১ লাখ লোকৰ মৃত্যু।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি প্ৰেমা দাসাৰ মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত ৭৫ বছৰৰ পাছত ১৯২৪ চনত মৃত্যুবৰণ কৰা ইংৰাজ পৰ্বতাৰোহী জৰ্জ মেলৰীৰ হিমায়িত মৃতদেহ উদ্ধাৰ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই তুৰস্কত বিধ্বংসী ভূমিকম্পত ডেৰ শতাধিক লোকৰ প্ৰাণহানি।।

You might also like
Leave A Reply

Your email address will not be published.