ডুবাইৰ এটা আৱাসিক অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড!

অগ্নিকাণ্ডত মৃত্যু ১৬ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

ডুবাইৰ এটা আৱাসিক অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যু ১৬ গৰাকী লোক। মৃতলোক সকলৰ ভিতৰত কেৰালাৰ এহাল দম্পতীকে ধৰি কমেও চাৰিজন ভাৰতীয়ও আছে।

তথ্য অনুসৰি, শনিবাৰে ডুবাইৰ আল ৰাছৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। অট্টালিকাটোৰ চতুৰ্থ মহলাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে বিয়পিবলৈ ধৰে আন অঞ্চললৈ। ডুবাই অসামৰিক প্ৰতিৰক্ষাৰ মুখ্য কাৰ্যালয়ৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অট্টালিকাটোৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ উলিয়াই আনে। লগতে প’ৰ্ট ছাইদ অগ্নিনিৰ্বাপক বাহিনী আৰু হামৰিয়াহ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। স্থানীয় সময় অনুসৰি বিয়লি ২:৪২ বজাৰ ভিতৰত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক তদন্তত অট্টালিকাটোত পৰ্যাপ্ত সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ অভাৱ বুলি ডুবাই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সূত্ৰে প্ৰকাশ কৰা হৈছে।অৱশ্যে প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে অব্যাহত আছে যাৱতীয় তদন্ত প্ৰক্ৰিয়।।

You might also like
Leave A Reply

Your email address will not be published.