ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড

ডুমডুমাৰ ফিল’বাৰীৰ ৰূপজানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। ফিল’বাৰীৰ ৰূপজানত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ যায় বাচ্চালাল চৌহান নামৰ ব্যক্তি গৰাকীৰ বাসগৃহ । পুৱতি নিশা প্ৰায় ৩ বজাত অগ্নিৰ সুত্ৰপাত হৈ নিমিষতে বাসগৃহ জাহ যায় । অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও যথেষ্ট পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ । অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থালীয়ে ৰাইজে । অগ্নিকাণ্ডত নগদ ৮০ হাজাৰ টকা, আ-অলংকাৰ, জৰুৰী নথীপত্ৰ, আচবাচ সহ প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়-ক্ষতিৰ অনুমান কৰা হৈছে । ইয়াৰোপৰি জাৰ্চি গাই দুজনী আৰু চাৰিটাকৈ ছাগলীৰ অগ্নিকাণ্ডত মৃত্যু হয় ।

You might also like
Leave A Reply

Your email address will not be published.