ঈদ মোবাৰক

এমাহজোৰা ৰোজাৰ অন্তত উলাহ-মালহৰে পালন কৰা হ'ল ঈদ-উল-ফিটৰ

ছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজি পবিত্ৰ দিন। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ইছলাম ধর্মাবলম্বী লোকসকলে ঈদ-উল-ফিটৰ উদযাপন কৰিছে। পৱিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি পুৱাই ইছলাম ধর্মাৱলম্বী লোকসকল ৰাজহুৱা ইদগাহ ময়দান আৰু মহজিদ সমূহৰ চৌহদত সমৱেত হৈ পঢ়িছে সমূহীয়া নামাজ।

ঈদ উপলক্ষে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ৰাজ্যবাসীক জনাইছে শুভেচ্ছা । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ সামাজিক মাধ্যমৰ জৰিয়তে ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনাই লগতে সকলোৰে মাজত শান্তি-সম্প্ৰীতি,সুখ-আনন্দ শুভেচ্ছা বাৰ্তা প্ৰৰণ কৰে।আনফালে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলাহ-মালহৰে ঈদ-উল-ফিটৰ উদযাপন কৰাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰ পৰাই ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হৈছে। জিলাখনৰ ৰঙিয়া, কমলপুৰ,বেজেৰা, মুক্তাপুৰ, আমিনগাঁও, বাইহাটা, মির্জা, ছয়গাঁও, বকো, নগৰবেৰা, গৰৈমাৰী, বিজয়নগৰত ঈদ-উল-ফিটৰ উদযাপন কৰা হৈছে। আনহাতে, গোৱালপাৰা চহৰৰ নয়াপাৰা ঈদগাহ ময়দানত ১০ সহস্ৰাধিক লোকে ঈদৰ নামাজ আদা কৰিবলৈ সমৱেত হয়। ইপিনে শিৱসাগৰৰ ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি,চৰাইদেউ, মৰাণ ডিগবৈ, নাহৰকটীয়া ,ডুমডুমা, যোৰহাট, আদি বিভিন্ন স্থানত উদযাপন কৰা হল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-ফিটৰ। এনেদৰেই ধৰ্মীয় নিয়মৰ মাজেৰে এমাহ কাল পাৰ কৰি ইছলামিক কেলেণ্ডাৰৰ দশম মাহ শ্বাৱালৰ আগমনৰ প্ৰথম দিনটোতে ৰোজা ভংগ কৰি উদযাপন কৰা হয় ঈদ।

You might also like
Leave A Reply

Your email address will not be published.