আজি ১১ এপ্ৰিল

➡️১৮৯৭ চনত বিশিষ্ট চিত্ৰশিল্পী যামিনী ৰায়ৰ জন্ম।
➡️১৯১৯ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক শ্ৰমিক সংস্থা প্ৰতিষ্ঠা কৰা হয়।
➡️১৯৩০ চনত উত্তৰাখণ্ডৰ হৃষীকেশৰ প্ৰসিদ্ধ লক্ষ্মণঝুলা ওলমা দলং মুকলি কৰা হয়। এইখনেই আছিল ভাৰতৰ প্ৰথম যান-বাহন যাব পৰা ওলমা দলং। দলংখনৰ দৈৰ্ঘ্য মুঠ ১৩৬ মিটাৰ।
➡️১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ বিভাজন হয়। ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গঠন কৰা হয়।
➡️১৯৯৭ চনত কেন্দ্ৰত দহমহীয়া দেৱেগৌড়া চৰকাৰৰ আস্থাৰ ভোটত পৰাজিত হয়. প্ৰধান মন্ত্ৰী পদৰ পৰা এইচ ডি দেৱেগৌড়াই পদত্যাগ কৰে। অৱশ্যে ১৯৯৭ চনৰ ২১ এপ্ৰিললৈকে তেওঁ প্ৰধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৬১ চনত ইহুদিবিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত প্ৰাক্তন নাজী প্ৰধান আইকমেনৰ বিচাৰ কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.