অনলাইন সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে খালে ৰামঠগন!

অনলাইনত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হওঁক

নলাইন সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে খালে ৰামঠগন!

অনলাইনত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হওঁক। কিয়নো অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে আপোনাৰো হাতত পৰিব পাৰে ইটা বা চাবোন। অনলাইন সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে খালে ৰামঠগন!
তথ্য-প্ৰযুক্তিৰ এই যুগত গ্ৰাহকে অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰি ঘৰতে লাভ কৰে সকলো সামগ্ৰী। কিন্তু অনলাইন অৰ্ডাৰ কৰোতে সাৱধান হওঁক কিয়নো আপুনি অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে আহিব পাৰে ইটা বা চাবোন। এনে এক ঘটনা সংঘটিত হৈছে মৈৰাবাৰীত।Xpressbees নামৰ কোম্পানীটোৰ পৰা অনলাইনত ১৯৯৯ টকাত মোবাইলৰ এটা পাৰ্টৰ অৰ্ডাৰ কৰি আজি গ্ৰাহকজনে ডেলিভাৰী লোৱা সময়ত কিন্তু বাকচটো খোলোতে ওলাল ১০ টকীয়া ৩ টা চাবোন। ইফালে, ডেলিভাৰী দিবলৈ অহা যুৱকজনে জনোৱা মতে ঘটনা সন্দৰ্ভত একো বিষয়তে অৱগত নহয়।বৰ্তমান একাংশ অনলাইন কোম্পানীয়ে গ্ৰাহকক প্ৰবঞ্চনা কৰা পৰিলক্ষিত হৈছে সেয়া ভৱিষ্যতে অনলাইনযোগে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকো হওঁক সাৱধান।

You might also like
Leave A Reply

Your email address will not be published.